মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Viral Video | Manike Mage Hithe | ‘মানিকে মাগে হিঠে’ প্ৰথমে কোনে গাইছিল জানেনে? চাওক জনপ্ৰিয় গীতটিৰ অৰিজিনেল ভিডিঅ’ ভাৰ্ছন

Viral Video | Manike Mage Hithe | ‘মানিকে মাগে হিঠে’ প্ৰথমে কোনে গাইছিল জানেনে? চাওক জনপ্ৰিয় গীতটিৰ অৰিজিনেল ভিডিঅ’ ভাৰ্ছন

News18 Assam | News18-Assam
Updated:September 6, 2021, 6:05 PM IST
Viral Video | Manike Mage Hithe | ‘মানিকে মাগে হিঠে’ প্ৰথমে কোনে গাইছিল জানেনে? চাওক জনপ্ৰিয় গীতটিৰ অৰিজিনেল ভিডিঅ’ ভাৰ্ছন
ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ যিয়েই নোখোলক কিয়, এই গানটোৱে দেখিবলৈ পাব।

ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ যিয়েই নোখোলক কিয়, এই গানটোৱে দেখিবলৈ পাব।

  • Share this:
‘মানিকে মাগে হিঠে’ (Manike Mage Hithe), কেইটামান সপ্তাহ ধৰি শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে মুখত এই সিংহলী ভাষাৰ গীতটি শুনিবলৈ পোৱা গৈছে। কেইটামান দিনৰ ভিতৰতে ছচিয়েল মিডিয়াত জনপ্ৰিয়তাৰ শিখৰ পাইছেগৈ য়’হানী ডি ছিলভা (Yohani Diloka De Silva)ই গোৱা এই মিঠা প্ৰেমৰ গানটো। ইতিমধ্যেই হিন্দীৰ লগতে বিভিন্ন ভাষাত গানটো ৰিমেক বনাই গোৱা হৈছে। সেইসমৱহ জনপ্ৰিয়ও হৈছে। কিন্তু য়’হানী ডি ছিলভাই এই গানটো প্ৰথমে গোৱা নাই। য়’হানীয়ে এই গানটো গোৱাৰ এবছৰ পূৰ্বেই এই গানটো প্ৰকাশ পাইছিল ছচিয়েল মিডিয়া প্লেটফৰ্মত। কিন্তু এই কথাটো সত্য যে তেতিয়া এই গানটোৱে এই ধৰণৰ জনপ্ৰিয়তা লাভ কৰা নাছিল।

প্ৰথমে এই গানটো গাইছিল শ্ৰীলংকাৰ গায়ক সতীশনে (Satheeshan), লিৰিক্স আৰু ৰেপ লিখিছিল দুলহান এআৰএক্সে (Dulhan ARX), পৰিচালনা কৰিছিল হষিথ আৰিয়ানে। অৰিজিনেল ভিডিঅ’ ভাৰ্ছনটো ইউটিউবত কৰা হৈছিল ২০২০ চনৰ ৩১ জুলাইত। কিন্তু তেতিয়া গানটো জনপ্ৰিয় হোৱা নাছিল। য়’হানী ডি ছিলভাই গানটো গোৱাৰ পিছত সেইটো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰে। ইতিমধ্যে ১০০ৰো অধিক ট্ৰেক তৈয়াৰ হৈছে।


ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম বা টুইটাৰ যিয়েই নোখোলক কিয়, এই গানটোৱে দেখিবলৈ পাব। চকুৰ সন্মুখত ভাহি উঠিব চুটিকৈ কটা ৰঙীন চুলিৰ এজনী ছোৱালীৰ মুখ। সুন্দৰীৰ মৌসনা সুৰ আৰু তাতোকৈ সুন্দৰ ওঁঠৰ হাঁহি দেখিলেই যেন মন ভৰি উঠে। ভাষা বুজি নাপালেও গানটোৱে শ্ৰোতাৰ মন চুই গৈছে।

এই গানটো ইমানেই ভাইৰেল হৈছে যে সমগ্ৰ বিশ্বৰ একাধিক তাৰকায়ো এই গানটোক লৈ ৰিল ভিডিঅ’ বনাইছে। আনকি খোদ অমিতাভ বচ্চন আৰু তেওঁৰ নাতিনী আৰাধ্যায়ো ‘মানিকে মাগে হিঠে’ গানটোৰ এটা ৰিল ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত পোষ্ট কৰিছে।
Published by: Sanjay Kumar Das
First published: September 6, 2021, 6:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি