নেহা কক্কৰ! বলীউদৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী। প্ৰায়ে চৰ্চাত থাকে নেহা। ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয় কণ্ঠশিল্পীগৰাকী। নিজৰ ব্যতিক্ৰমী পাব্লিচিটীৰ ষ্টাইলৰ বাবে জনাজাত নেহা। বৰ্তমান নেহা কক্কৰ Indian Idolৰ ১২তম চিজনৰ বিচাৰক হিচাপে আছে।
কেইমাহমান পূৰ্বে পাঞ্জাৱী গায়ক ৰোহণ প্ৰীতৰ সৈতে বিয়াত বহিছিল নেহা কক্কৰ। কিন্তু বলীউদত গুণগুণনী চলিছে যে. নেহাৰ এতিয়া প্ৰেম চলিছে এন্য কাৰোবাৰ সৈতেহে। ৰোহণ নহয়, অভিনেতা জেকি শ্ৰফৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠেছে নেহা কক্কৰৰ! সঁচাকৈ জেকিৰ প্ৰেমত পৰিল নেকি নেহা?
আচলতে জেকি শ্ৰফ অতিথি হিচাপে Indian Idolৰ এটা এপিচডত ভাগ লৈছিল। আৰু সেই শ্বৰ মাজতে নেহা কক্কৰ জেকিৰ প্ৰেমত পৰিল বুলি বহুতে ক'ব খোজে।।একেলগে নৃত্য কৰিলে জেকি আৰু নেহাই। আৰু এই ভিডিও ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|