৪০০ সোণৰ আঙঠি উপহাৰ দিলে এইগৰাকী ছুপাৰষ্টাৰে, কিন্তু কিয়?

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ বিজয় থালাপথিয়ে উপহাৰ হিচাপে বিলালে ৪০০ সোণৰ আঙঠি।

News18-Assam
Updated:August 15, 2019, 1:40 PM IST
৪০০ সোণৰ আঙঠি উপহাৰ দিলে এইগৰাকী ছুপাৰষ্টাৰে, কিন্তু কিয়?
দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ বিজয় থালাপথিয়ে উপহাৰ হিচাপে বিলালে ৪০০ সোণৰ আঙঠি।
News18-Assam
Updated: August 15, 2019, 1:40 PM IST
বলীউদৰ তাৰকাসকলৰ বাবে এখন ছবিৰ শ্বুটিং এক যাত্ৰাৰ দৰেই হয়। এই যাত্ৰাৰ স্মৃতি সদায় থাকি যায়। শেহতীয়াকৈ এগৰাকী তাৰকাই এই স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ এক অৱলম্বন কৰিলে এক বিশেষ পন্থা, যাৰ বাবে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে তেওঁ। এইগৰাকী তাৰকাই ছবিৰ শ্বুটিঙৰ শেষত দলটোৰ সকলোকে দিলে একোটাকৈ সোণৰ আঙঠি। উপহাৰ দিবলৈ তাৰকাগৰাকীয়ে কিনিবলগীয়া হ’ল ৪০০টা আঙঠি।

দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ বিজয় থালাপথিয়ে উপহাৰ হিচাপে বিলালে ৪০০ সোণৰ আঙঠি। বিজয়ে বিগত কেইবাদিনো ধৰি নিজৰ আহিবলগীয়া ছবি ‘বিগিল’ৰ শ্বুটিঙত ব্যস্ত আছিল। শেহতীয়াকৈ শ্বুটিং সমাপ্ত হৈছে আৰু ছবিখন মুক্তি দিয়াৰ বাবে কাম চলি আছে।



‘বিগিল’ ছবিৰ শ্বুটিং সম্পূৰ্ণ হোৱাৰ আনন্দতে অভিনেতা বিজয় থালাপথিয়ে ৪০০ সদস্যৰ দলটোক দিলে বিশেষ উপহাৰ। ৪০০ লোকৰ দলটোক অভিনেতাগৰাকীয়ে দিলে সোণৰ আঙঠি। সোণৰ আঙঠিসমূহত আছে ‘বিগিল’ ছবিখনৰ নাম। এই আঙঠিৰ ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। এই উপহাৰৰ বাবে ‘বিগিল’ৰ টীমে ধন্যবাদ জ্ঞাপন কৰে অভিনেতাজনক।
আৰু চাওক পৰৱৰ্তী বাতৰি