‘কালিয়া’ আৰু নাই, জনপ্ৰিয় অভিনেতা বিজু খোটেৰ ৭৮ বছৰ বয়সত দেহাৱসান

‘শ্বোলে’ ছবিত ‘কালিয়া’ চৰিত্ৰটোত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বিজু খোটে।

News18-Assam
Updated:September 30, 2019, 10:32 AM IST
‘কালিয়া’ আৰু নাই, জনপ্ৰিয় অভিনেতা বিজু খোটেৰ ৭৮ বছৰ বয়সত দেহাৱসান
‘শ্বোলে’ ছবিত ‘কালিয়া’ চৰিত্ৰটোত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বিজু খোটে।
News18-Assam
Updated: September 30, 2019, 10:32 AM IST
বলীউদৰ জনপ্ৰিয় অভিনেতা বিজু খোটেৰ দেহাৱসান। ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে। ‘শ্বোলে’ ছবিত ‘কালিয়া’ চৰিত্ৰটোত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল বিজু খোটে। তেওঁ মাৰাঠী ছবিৰ লগতে আন ভাষাৰ ছবিতো অভিনয় কৰিছিল। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেতাজনৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল বিজু খোটে। মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে খোটেই।

‘শ্বোলে’ ছবিখনৰ পিছত তেওঁ আমিৰ খান–ছলমান খানৰ ছবি ‘আন্দাজ অপনা অপনা’ত ৰবাৰ্টৰ চৰিত্ৰত অভিনয় কৰিছিল। অজয় দেৱগণ আৰু কংকনা সেনৰ ছবি ‘অতিথি তুম কব জাওগে’তো অভিনয় কৰিছিল অভিনেতাজনে। বিজু খোটেই হিন্দী আৰু মাৰাঠীৰ ৩০০তকৈ অধিক ছবিত কাম কৰিছিল। আজি পুৱা ১১ বজাত মুম্বাইতে শেষকৃত্য সম্পন্ন কৰা হ’ব অভিনেতাজনৰ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি