ডিব্ৰুগড়ত কি কৰিছে বলীউড ষ্টাৰ বৰুন ধাৱানে? চহৰৰ কোনখন হোটেলত নিশা কটালে বৰুনে?
ডিব্ৰুগড়ত "ভেৰিয়া" নামৰ এখন বলীউডৰ হিন্দী চিনেমাৰ অভিনয়ত ব্যস্ত বলীউদৰ তাৰকাজন।মঙ্গলবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত চলিছে চিনেমাখনৰ চিত্ৰগ্ৰহণ।
ডিব্ৰুগড়ত "ভেৰিয়া" নামৰ এখন বলীউডৰ হিন্দী চিনেমাৰ অভিনয়ত ব্যস্ত বলীউদৰ তাৰকাজন।মঙ্গলবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত চলিছে চিনেমাখনৰ চিত্ৰগ্ৰহণ।
- News18 Assam
- Last Updated: April 20, 2021, 1:24 PM IST
ডিব্ৰুগড়ৰ লগতে অৰুণাচলৰ টাৱাং,জিৰ,ইটানগৰ,আদি অঞ্চলত প্ৰায় তিনিমাহ ধৰি দৃশ্যগ্ৰহণ কৰা হৈছে চিনেমাখনৰ।উল্লেখ্য যে সোমবাৰে নিশা অৰুণাচলত দৃশ্যগ্ৰহণ সামৰি পোনে পোনে তাৰকাজন উপস্থিত হয়হি ডিব্ৰুগড়ত।ডিব্ৰুগড়ৰ হোটেল টি কাউন্ট্ৰীত নিশা কটাই মঙ্গলবাৰে পুনৰ ব্যস্ত হৈ পৰে শ্বুটিঙত।
বলীউদৰ ভেৰিয়া নামৰ Horror Comedy ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলত।ছবিখনৰ নায়কৰ চৰিত্ৰত অভিনয় কৰিছে বৰুন ধাৱানে,বিপৰীতে নায়িকা হিচাপে আছে ক়ৃতি চানন( Kriti Sanon)য়ে। ছবিখনৰ পৰিচালনা কৰিছে অমৰ কৌশিকে (Amar kaushik) আৰু প্ৰযোজনা দিনেশ ভিজান্তৰ (Dinesh Vijant)।