ছবিত সুযোগ দিয়াৰ অচিলাৰে অভিনেত্ৰী উৰ্বশী ৰৌতেলাক কি প্ৰস্তাৱ দিছিল শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে? সৰ্বত্ৰ চৰ্চাত

News18 Assam | News18-Assam
Updated:November 29, 2019, 4:06 PM IST
ছবিত সুযোগ দিয়াৰ অচিলাৰে অভিনেত্ৰী উৰ্বশী ৰৌতেলাক কি প্ৰস্তাৱ দিছিল শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে? সৰ্বত্ৰ চৰ্চাত
কিছুদিন পূৰ্বে ভাইৰেল হৈছিল অভিনেত্ৰী উৰ্বশী ৰৌতেলা আৰু প্ৰযোজক তথা শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে এটা কোঠাত অকলশৰে কথা পাতি থকা এটা ভিডিঅ

কিছুদিন পূৰ্বে ভাইৰেল হৈছিল অভিনেত্ৰী উৰ্বশী ৰৌতেলা আৰু প্ৰযোজক তথা শ্ৰীদেৱীৰ স্বামী বনি কাপুৰে এটা কোঠাত অকলশৰে কথা পাতি থকা এটা ভিডিঅ

  • Share this:
উৰ্বশী ৰৌতেলাক এখন নতুন ছবিত অভিনয় কৰাৰ সুযোগ দিয়া হ’ব বুলি বনি কাপুৰে অভিনেত্ৰীগৰাকীক অসৎ প্ৰস্তাৱ আগবঢ়াইছিল বুলি চৰ্চা চলিছিল বহু কেইটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। লগতে বনি কাপুৰে অভিনেত্ৰীগৰাকীৰ গোপন অংগ স্পৰ্শ কৰাৰো অপচেষ্টা কৰিছিল বুলি বিভিন্ন মহলত চৰ্চা চলিছিল, যাৰ ফলত উৰ্বশীয়ে বনি কাপুৰৰ ধমকো দিছিল বুলি খবৰ ওলাইছিল।

কিন্তু এই সমগ্ৰ ঘটনাত এতিয়া স্পষ্টীকৰণ দিছে অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘ আচলতে সম্পূৰ্ণ বিপৰীত ধৰণে ভাইৰেল কৰা হৈছিল ভিডিঅ’টো। মিছাকৈহে বনি কাপুৰৰ বিৰুদ্ধে অসৎ অভিযোগ উত্থাপন কৰা হৈছিল।’ কিন্তু অভিনেত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰে যে, যদিও বনি কাপুৰে মোক ছবিত অভিনয় কৰাৰ সুযোগ দিম বুলি কৈছিল, কিন্তু পিছত কিয় নিদিলে সেই কথা মই নাজানো।’
আৰু চাওক পৰৱৰ্তী বাতৰি