ঋষভ পন্তক বাৰে বাৰে ফোন কৰি আমনি কৰিছিল বলীউদৰ এইগৰাকী অভিনেত্ৰীয়ে, খঙতে ফোন–WhatsAppত কৰিলে ব্লক

News18 Assam | News18-Assam
Updated:January 12, 2020, 12:03 PM IST
ঋষভ পন্তক বাৰে বাৰে ফোন কৰি আমনি কৰিছিল বলীউদৰ এইগৰাকী অভিনেত্ৰীয়ে, খঙতে ফোন–WhatsAppত কৰিলে ব্লক
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ৰ পূৰ্বেও দুয়োকে দেখা গৈছেল একেলগে। যাক লৈ সংবাদ মাধ্যমত চলিছিল চৰ্চা।

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ৰ পূৰ্বেও দুয়োকে দেখা গৈছেল একেলগে। যাক লৈ সংবাদ মাধ্যমত চলিছিল চৰ্চা।

  • Share this:
ভাৰতীয় দলৰ যুৱ খেলুৱৈ ঋষভ পন্ত বৰ্তমান নিজৰ ফৰ্মক লৈ চিন্তাত আছে। কিন্তুৰ তাৰ মাজতে আন এক বিড়ম্বনাই আমনি কৰিছে পন্তক। WhatsApp আৰু ফোনত পন্তে ব্লক কৰিলে বলীউদৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাক। স্পট বয়ৰ খবৰ অনুসৰি, উৰ্বশীৰ সৈতে পন্তে কথা পাতিব নিবিচাৰে আৰু সেইবাবেই ব্লক কৰি দিয়ে ফোন আৰু WhatsAppত।

পন্তৰ ঘনিষ্ঠ সূত্ৰই সদৰি কৰিছে যে উৰ্বশীয়ে বাৰে বাৰে ঋষভ পন্তৰ সৈতে কথা পতাৰ চেষ্টা কৰিছিল, তাৰ পিছতে পন্তে কৰিলে এই কাম। উৰ্বশীৰ সৈতে এই সন্দৰ্ভত কথা পাতিব বিচৰাত তেওঁৰ মুখপাত্ৰই কয় যে তেওঁলোকে ইজনে আনজনক ব্লক কৰাৰ সিদ্ধান্ত দুয়োৰে সহমতত লৈছে।



উল্লেখযোগ্য যে বিগত বৰ্ষত ঋষভ পন্তৰ সৈতে সম্পৰ্ক গঢ়ি উঠিছিল উৰ্বশীৰ। হাৰ্ডিক পাণ্ডিয়াৰ সৈতে দূৰত্ব বঢ়াৰ পিছত উৰ্বশীক পন্তৰ সৈতে ডিনাৰ ডেটত দেখা গৈছিল। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি–২০ৰ পূৰ্বেও দুয়োকে দেখা গৈছেল একেলগে। যাক লৈ সংবাদ মাধ্যমত চলিছিল চৰ্চা।



কিন্তু নতুন বছৰত উৰ্বশীৰ সৈতে পন্তৰ সম্পৰ্ক বেছিদিন নচলিল। নতুন বছৰৰ কাৰ্যসূচীত পন্তে ঈষা নেগীৰ সৈতে ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি সকলোকে আচৰিত কৰি তোলে। এই ফটোৱে দুয়োৰে সম্পৰ্কৰ ইংগিত দিছিল।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি