বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে বলীউদৰ বহু ভিতৰুৱা কথা। ইজনৰ পিছত সিজন অভিনেতাই মুকলিকৈ কৈছে বহু কথা। এইবাৰ অভিনেত্ৰী উৰ্বশী ৰৌটেলাই কৰিছে বিশেষ মন্তব্য।
২০১৩ চনত ‘সিং সব দ্যা গ্ৰেট’ ছবিৰ জৰিয়তে বলীউদত অভিষেক ঘটিছিল উৰ্বশী ৰৌটেলাই। প্ৰথম ছবিতে ধৰ্মেন্দ্ৰ, ছানী দেউলৰ দৰে বলিষ্ঠ অভিনেতাৰ সংস্পৰ্শলৈ আহি অভিনেত্ৰীগৰাকীয়ে নিজকে সৌভাগ্যবান বুলি মন্তব্য কৰিছে।
অভিনেত্ৰীগৰাকীয়ে কয় যে, ‘ছবি উদ্যোগত মোক বহুতে বিভিন্ন ধৰণে আদৰিছে। মই যথেষ্ঠ সন্মান লাভ কৰিছো। প্ৰথমখন ছবিয়েই ছানী দেউলৰ বিপৰীতে অভিনয় কৰিছিলো। ছবিখনত অভিনয়ৰ সময়ত বহু কথা শিকিবলৈ পাইছিলো। ছবি পৰিচালক অনিল শৰ্মাৰ লগতো মোৰ সম্পৰ্ক ভাল। তেনে কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিলো।’
উৰ্বশীয়ে লগতে কয় যে, ‘ইয়াৰ পিছতো যিবোৰ ছবিত অভিনয় কৰিছো, প্ৰতিখন ছবিতেই অভিজ্ঞতা ভাল। মোক কোনোবাই অন্য দৃষ্টিৰে চাইছে বুলি মই ভবা নাই। ছবিত অভিনয়ৰ সময়তে হওক বা প্ৰচাৰৰ সময়তে হওক, সকলো সময়তে মই সন্মান লাভ কৰিছো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|