বলীউদৰ তাৰকাৰে ভৰিব গুৱাহাটী মহানগৰী! ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ‘ফিল্ম ফেয়াৰ এৱাৰ্ড’

News18-Assam
Updated:November 13, 2019, 3:17 PM IST
বলীউদৰ তাৰকাৰে ভৰিব গুৱাহাটী মহানগৰী! ফেব্ৰুৱাৰীত গুৱাহাটীত হ’ব ‘ফিল্ম ফেয়াৰ এৱাৰ্ড’
Source-Google

এদিনৰ কাৰণে মিনি বলীউদত পৰিণত হ’ব গুৱাহাটী মহানগৰী!

  • Share this:
এদিনৰ কাৰণে মিনি বলীউদত পৰিণত হ’ব গুৱাহাটী মহানগৰী। বিগ বিৰ পৰা শ্বাহৰুখ খানলৈকে, ছলমান খানৰ পৰা অক্ষয় কুমাৰলৈকে, মাধুৰী দিক্ষিত, কেটৰীণা কেঈফৰ পৰা, কৰীণা কাপুৰ, দীপিকা পাডুকনলৈকে, বলীউদৰ প্ৰায় সকলো ৰথী–মহাৰথী উপস্থিত থাকিব অনুষ্ঠানটোত।

ফাইল ফটো


প্ৰথমবাৰলৈ গুৱাহাটী মহানগৰীত অনুষ্ঠিত  হ’ব বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’ ফিল্ম ফেয়াৰ এৱাৰ্ড।কৰণ জোহৰ আৰু ছলমান খানে আঁত ধৰিবলগীয়া  অনুষ্ঠানটো  ২০২০ ৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব। ইতিমধ্যে প্ৰায় শেষ হৈছে প্ৰাৰম্ভিক পৰ্যায়ৰ কথা বতৰা।

ফাইল ফটো


অসম পৰ্যটনৰ বিকাশ আৰু উত্তৰণৰ কাৰণে ৰাজ্যৰ পৰ্যটন বিভাগ আগবাঢ়িছে বলীউদৰ সৰ্ববৃহৎ এৱাৰ্ড শ্ব’– ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠিত কৰিবলৈ। কেইদিন মান পিছতে বিভাগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব এৱাৰ্ড শ্ব’টোৰ বিষয়ে সবিশেষ তথ্য।
আৰু চাওক পৰৱৰ্তী বাতৰি