নেহা কক্কৰক বোৱাৰী কৰাৰ মন আছিল উদিত নাৰায়ণৰ, কিন্তু অস্বীকাৰ কৰিলে আদিত্যই

News18 Assam | News18-Assam
Updated:February 27, 2020, 3:29 PM IST
নেহা কক্কৰক বোৱাৰী কৰাৰ মন আছিল উদিত নাৰায়ণৰ, কিন্তু অস্বীকাৰ কৰিলে আদিত্যই
আদিত্য নাৰায়ণৰ সৈতে বিয়া হোৱাৰ বাতৰি নেহা কক্কৰে অস্বীকাৰ কৰাৰ পিছত এইবাৰ এই বিষয়ে বিশেষ মন্তব্য কৰিছে বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী তথা আদিত্য নাৰায়ণৰ পিতৃ উদিত নাৰায়ণে।

আদিত্য নাৰায়ণৰ সৈতে বিয়া হোৱাৰ বাতৰি নেহা কক্কৰে অস্বীকাৰ কৰাৰ পিছত এইবাৰ এই বিষয়ে বিশেষ মন্তব্য কৰিছে বলীউডৰ বিশিষ্ট কণ্ঠশিল্পী তথা আদিত্য নাৰায়ণৰ পিতৃ উদিত নাৰায়ণে।

  • Share this:
প্ৰায় ডেৰ–দুমাহ ধৰি চৰ্চাত আছে আদিত্য নাৰায়ণ আৰু কণ্ঠশিল্পী নেহা কক্কৰৰ প্ৰেমৰ সম্পৰ্ক। ইণ্ডিয়ান আইডলৰ মঞ্চত আনকি উদিত নাৰায়ণে নেহা কক্কৰক বোৱাৰী হিচাপে বিচাৰে বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল। আনকি নেহা কক্কৰেও আদিত্য নাৰায়ণৰ পত্নীক শাহু মা বুলি সম্বোধন কৰিছিল।



কিন্তু কেইদিনমানপূৰ্বে নেহা কক্কৰে এক সাক্ষাৎকাৰত আদিত্য নাৰায়ণক নিজৰ ভাল বন্ধু বুলিহে মন্তব্য কৰে। আনকি আদিত্যৰ অন্য প্ৰেয়সী থকাৰ কথাও নেহাই সাক্ষাৎকাৰটোত কয়।



কিন্তু এইবাৰ উদিত নাৰায়ণে নেহা আৰু আদিত্যৰ সম্পৰ্ককলৈ মন্তব্য কৰিছে। উদিত নাৰায়ণে নেহা কক্কৰক নিজৰ বোৱাৰী হিচাপে পাব বিচাৰিছিল। আনকি আদিত্য নাৰায়ণকো কৈছিল এই কথা। কিন্তু সন্মতি নিদিলে আদিত্য নাৰায়ণে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading