• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতিল ‘গণ্ডী বাত’ৰ অভিনেত্ৰী, শ্বুটিঙৰ সময়তে ঢলি পৰিল ছেটত

মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতিল ‘গণ্ডী বাত’ৰ অভিনেত্ৰী, শ্বুটিঙৰ সময়তে ঢলি পৰিল ছেটত

Photo : Twitter

Photo : Twitter

গহণাক চিপিআৰ আৰু এটা ইলেকট্ৰিক শ্বকো দিবলগীয়া হয়।

  • Share this:
শ্বুটিঙৰ সময়তে মূৰ্ছা গ’ল টিভি অভিনেত্ৰী গহনা বশিষ্ঠ। এই ঘটনাৰ পিছতে হুলস্থূল লাগিল শ্বুটিং স্থলীত। ততাতৈয়াকৈ অভিনেত্ৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হ’ল। চিকিৎসকৰ মতে আৰু অলপ পলম হ’লেই অভিনেত্ৰীগৰাকীক বচোৱা কঠিন হ’লহেঁতেন। উল্লেখযোগ্য যে অল্ট বালাজীৰ ৱেব ছিৰিজ ‘গণ্ডী বাত’ত দেখা গৈছিল গহণাক।

অভিনেত্ৰীগৰাকীৰ অৱস্থা ইমানেই বেয়ালৈ গৈছিল যে তেওঁ ছেৰিব্ৰেল অ’ডেমা আৰু ক’মালৈ যাবলগীয়া অৱস্থা হৈছিল। আৰু অলপ পলম হ’লেই অভিনেত্ৰীগৰাকীক বচোৱা অসম্ভৱ হ’লহেঁতেন বুলি মন্তব্য কৰে চিকিৎসকে। অৱশ্যে বৰ্তমান অভিনেত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ। চিকিৎসকে জনোৱা অনুসৰি, গহণাৰ ব্লাড প্ৰেছাৰ বহুত কম আছিল। গহণাক চিপিআৰ আৰু এটা ইলেকট্ৰিক শ্বকো দিবলগীয়া হয়।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: