• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Super Dancer Chapter : শিল্পা শেট্টীৰ পৰা কাঢ়ি লোৱা হ’ল নেকি বিচাৰকৰ আসন? ৰাজ কুন্দ্ৰাৰ কৰ্মৰ প্ৰভাৱ!

Super Dancer Chapter : শিল্পা শেট্টীৰ পৰা কাঢ়ি লোৱা হ’ল নেকি বিচাৰকৰ আসন? ৰাজ কুন্দ্ৰাৰ কৰ্মৰ প্ৰভাৱ!

ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শিল্পাই শ্ব’ এৰিছে আৰু শিল্পাৰ ঠাইত অভিনেত্ৰী কৰিশ্মা কাপুৰক (Karishma Kapoor) অতিথি বিচাৰকৰ চকীত দেখা গৈছে।

ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শিল্পাই শ্ব’ এৰিছে আৰু শিল্পাৰ ঠাইত অভিনেত্ৰী কৰিশ্মা কাপুৰক (Karishma Kapoor) অতিথি বিচাৰকৰ চকীত দেখা গৈছে।

ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শিল্পাই শ্ব’ এৰিছে আৰু শিল্পাৰ ঠাইত অভিনেত্ৰী কৰিশ্মা কাপুৰক (Karishma Kapoor) অতিথি বিচাৰকৰ চকীত দেখা গৈছে।

  • Share this:
ডান্সিং ৰিয়েলিটী শ্ব’ ‘ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ (Super Dancer Chapter 4)ত ‘ছুপাৰ ছে ভী উপৰ’ ডায়লগেৰে প্ৰতিযোগীৰ মনোবল বৃদ্ধি কৰা বিচাৰক শিল্পা শেট্টীক (Shilpa Shetty) শ্ব’টোৰ আহিবলগীয়া খণ্ডসমূহত দেখা নাযাব। শিল্পাৰ স্বামী ৰাজ কুন্দ্ৰা পৰ্ণ ফিল্ম গোচৰত গ্ৰেপ্তাৰ হোৱাৰ প্ৰভাৱ পৰা দেখা গৈছে অভিনেত্ৰীগৰাকীৰ ওপৰতো।

ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শিল্পাই শ্ব’ এৰিছে আৰু শিল্পাৰ ঠাইত অভিনেত্ৰী কৰিশ্মা কাপুৰক (Karishma Kapoor) অতিথি বিচাৰকৰ চকীত দেখা গৈছে। এতিয়া আহিবলগীয়া খণ্ডসমূহতো শিল্পাক দেখা নাযাব শ্ব’ত। অনুমান কৰা হৈছে যে শিল্পাক শ্ব’ৰ পৰা অব্যাহতি দিয়া হৈছে। অৱশ্যে এই সন্দৰ্ভত কোনো অফিচিয়েল ষ্টেটমেণ্ট পোহৰলৈ অহা নাই।

‘ছুপাৰ ডান্সাৰ চেপ্টাৰ ৪’ৰ আহিবলগীয়া খণ্ডত ৰিতেশ দেশমুখ আৰু তেওঁৰ পত্নী জেনেলিয়া ডিছুজাক দেখা যাব। আনহাতে পূৰ্বৰ দৰেই গীতা কাপুৰ আৰু অনুৰাগ বাসুক শ্ব’ৰ বিচাৰক হিচাপে দৰ্শকে দেখা পাব। খবৰ অনুসৰি, ৰিতেশ দেশমুখ আৰু জেনেলিয়াই শ্ব’ৰ অফাৰত সন্মতি প্ৰকাশ কৰিছে।
 ছনীৰ এই জনপ্ৰিয় শ্ব’ৰ বাবে বৰ্তমান শ্ব’ মেকাৰ্ছে অতিথি বিচাৰকৰ জৰিয়তে শ্ব’ আগবঢ়াই নিছে। কৰিশ্মা কাপুৰৰ পিছত ৰিতেশ দেশমুখ আৰু জেনেলিয়াৰ আগমনে এটা কথাৰ ইংগিত দিছে যে যেতিয়ালৈ ৰাজ কুন্দ্ৰাৰ গোচৰ চলিব তেতিয়ালৈ শিল্পাক শ্ব’ত দেখা নাযাব। সূত্ৰ অনুসৰি, ছনী টিভি আৰু শিল্পাৰ মাজত বৰ্তমান কোনো ধৰণৰ যোগাযোগো হোৱা নাই।
Published by:Sanjay Kumar Das
First published: