உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Indian Idol 12: পৱনদীপ ৰাজনে দখল কৰিলে ‘ইণ্ডিয়ান আইডল ১২’ৰ খিতাপ, দ্বিতীয় স্থানত অৰুণিতা

    Indian Idol 12: পৱনদীপ ৰাজনে দখল কৰিলে ‘ইণ্ডিয়ান আইডল ১২’ৰ খিতাপ, দ্বিতীয় স্থানত অৰুণিতা

    দেওবাৰে এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে আছিল। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে।

    দেওবাৰে এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে আছিল। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে।

    দেওবাৰে এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে আছিল। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে।

    • Share this:
    জনপ্ৰিয় সংগীতৰ ৰিয়েলিটী শ্ব’ ‘ইণ্ডিয়ান আইডল ১২’ (Indian Idol 12)ৰ খিতাপ দখল কৰিলে পৱনদীপ ৰাজনে (Pawandeep Rajan)। উত্তৰাখণ্ডৰ বাসিন্দা পৱনদীপ ৰাজনে সুন্দৰ গোৱাৰ লগতে কেইবাবিধো বাদ্যযন্ত্ৰ বজোৱাত পাকৈত। তেওঁ ২০১৫ চনত টিভি শ্ব’ ‘দ’ ভইচ’ৰ খিতাপো জিকিছিল। পৱনদীপ ‘ইণ্ডিয়ান আইডল ১২’ৰ খিতাপৰ প্ৰবল দাবীদাৰ আছিল।

    দেওবাৰে এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে আছিল। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১২ বজালৈ ১২ ঘণ্টা ধৰি অনুষ্ঠিত হয় এই শ্ব’ৰ গ্ৰেণ্ড ফিনালে। ‘ইণ্ডিয়ান আইডল ১২’ ৰ ফিনালেত ৬গৰাকী প্ৰতিযোগী আছিল। পৱনদীপ ৰাজন, নিহাল টৌৰে, সন্মুখপ্ৰিয়া, অৰুণিতা কাঞ্জিলাল, শায়লী কাম্বলে আৰু মহম্মদ দানিশ।

    প্ৰথমবাৰৰ বাবে ৬গৰাকী প্ৰতিযোগীয়ে একেলগে ফাইনেলত প্ৰৱেশ কৰিছিল। ‘ইণ্ডিয়ান আইডল ১২’ শ্ব’ৰ ইতিহাসত এতিয়ালৈকে আটাইতকৈ দীৰ্ঘ সময় ধৰি চলা ছিজন আছিল এয়া। এই শ্ব’টো গায়ক আৰু অভিনেতা আদিত্য নাৰায়ণে হোষ্ট কৰিছিল। শ্ব’ত অনু মালিক, ছনু কক্কৰ আৰু হিমেশ ৰেশামিয়াই বিচাৰকৰ আসনত বহিছিল। শ্ব’ত প্ৰথমে বিশাল দাদলানী আৰু নেহা কক্কৰো বিচাৰক হিচাপে আছিল।

    ‘ইণ্ডিয়ান আইডল ১২’ৰ ট্ৰফীৰ প্ৰবল দাবীদাৰ আছিল পৱনদীপ আৰু অৰুণিতা কাঞ্জিলাল। জনতাৰ ভোটিঙত কোনোবাটো সপ্তাহত যদি পৱনদীপ, কোনোবাটো সপ্তাহত আগত আছিল অৰুণিতা। সম্পূৰ্ণ জনতাৰ ভোটৰ আধাৰত নিৰ্বাচিত কৰা হয় এই শ্ব’ৰ বিজেতা। শ্ব’ৰ প্ৰতিগৰাকী প্ৰতিযোগীয়ে তেওঁলোকৰ কণ্ঠৰ যাদুৰে প্ৰায় এবছৰ ধৰি মন্ত্ৰমুগ্ধ কৰিছিল দৰ্শকক। আৰু অৱশেষত ৬গৰাকী প্ৰতিযোগীৰ মাজত বিজয়ীৰ খিতাপ দখল কৰিলে পৱনদীপ ৰাজনে।
    Published by:Sanjay Kumar Das
    First published: