B'DAY Special: পাঁচখন বিশেষ ধাৰাবাহিকে 'টিভি কুইন' ৰূপে গঢ়িছিল একতা কাপুৰক ! কিদৰে আৰম্ভ হৈছিল Queen of Telly Town একতাৰ যাত্ৰা ?

News18 Assam | News18-Assam
Updated:June 7, 2021, 6:26 PM IST
B'DAY Special: পাঁচখন বিশেষ ধাৰাবাহিকে 'টিভি কুইন' ৰূপে গঢ়িছিল একতা কাপুৰক ! কিদৰে আৰম্ভ হৈছিল Queen of Telly Town একতাৰ যাত্ৰা ?
5 shows that made Ekta Kapoor the queen of Telly Town: ১৯৯৫ চনত ZEE TVত সম্প্ৰচাৰিত ধাৰাবাহিক 'হাম পাঁচ'ক হয়তো কোনেও পাহৰিব নোৱাৰে। মহিলা দলৰ এইখন প্ৰথম ধাৰাবাহিকে বহুতো দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছিল।

5 shows that made Ekta Kapoor the queen of Telly Town: ১৯৯৫ চনত ZEE TVত সম্প্ৰচাৰিত ধাৰাবাহিক 'হাম পাঁচ'ক হয়তো কোনেও পাহৰিব নোৱাৰে। মহিলা দলৰ এইখন প্ৰথম ধাৰাবাহিকে বহুতো দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছিল।

  • Share this:
১৯৯৫ চনত আৰম্ভ হৈছিল এই যাত্ৰা। একতা কাপুৰক (Ekta Kapoor) এই যাত্ৰাই টিভিৰ কুইন ৰূপে গঢ়ি তুলিছিল তেওঁক । ভাৰতত আটাইতকৈ বেছি দৰ্শকে উপভোগ কৰা ধাৰাবাহিকসমূহৰ প্ৰযোজনাৰ আঁৰতেই আছিল একতা কাপুৰ। টিভি কুইন একতা কাপুৰৰ আজি ওপজা দিন। টিভি শ্ব', চলচ্চিত্ৰৰ পিছত, একতাই বৰ্তমান অ'টিটি প্লেটফৰ্মতো ধামাকা সৃষ্টি কৰিছে । একতাৰ জন্মদিনৰ বিশেষ দিনটোত তেওঁৰ জীৱনৰ সৈতে সম্পৰ্কিত কিছুমান কথাৰেই এই প্ৰতিবেদন।

১৯৯৫ চনত ZEE TVতসম্প্ৰচাৰিত ধাৰাবাহিক 'হাম পাঁচ'ক হয়তো কোনোৱে পাহৰিব নোৱাৰে। মহিলা দলৰ এইখন প্ৰথম ধাৰাবাহিকে বহুতো দৰ্শক লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, যেতিয়া একতাই পাঁচজনী ছোৱালীৰ পৰিয়ালৰ অন্তৰংগ কাহিনীৰ বিষয়ে এখন ধাৰাবাহিক আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছিল তেতিয়া মাতৃ শোভা কাপুৰ আৰু দেউতাক জীতেন্দ্ৰই সমৰ্থন জনাইছিল। যদিও একতা কাপুৰৰ বহুতো জনপ্ৰিয় ধাৰাবাহিক আছে, কিন্তু এই ৫ খন ধাৰাবাহিকে একতাক টিভি কুইন ৰূপে গঢ়ি তুলিছিল।

হাম পাঁচ (১৯৯৫)

জি টিভিত সম্প্ৰচাৰিত হোৱা ধাৰাবাহিকখনৰ মুখ্য আকৰ্ষণ আছিল যে ধাৰাবাহিকখনত কোনো পুৰুষ নায়ক নাছিল, কিন্তু পাঁচগৰাকী ছোৱালী আছিল যিয়ে নায়কৰ স্থান পূৰণ কৰিছিল। মাথুৰ পৰিয়ালৰ পাঁচজনী ছোৱালী, যাৰ ভিতৰত এগৰাকী টমবয় কাজল ভাই, এগৰাকী হৈছে মিছ ৱৰ্ল্ড হ'ব বিচৰা চুইটি। কেনেকৈ পাঁচজনী ছোৱালীৰ মাজত এজন দেউতাক অসহায় হৈ পৰিছিল এইসমূহো তুলি ধৰা হৈছিল ধাৰাবাহিকখনত। দৰ্শকক বিপুল সমাদৰ লাভ কৰা ধাৰাবাহিকখন ১৯৯৯ চনলৈকে চলিছিল।

ক্যুকি চাছ্ ভি কভী বহু থী (২০০০)

শাহু-বোৱাৰীৰ ধাৰাবাহিকৰ আৰম্ভণি একতাই এই ধাৰাবাহিকখনৰ জৰিয়তেই আৰম্ভ কৰিছিল। একতাই স্মৃতি ইৰাণীক লৈ তুলসীৰ চৰিত্ৰটো এনেদৰে সৃষ্টি কৰিছিল যে তেওঁৰ বাবে ইয়াক শেষ কৰাটো কঠিন আছিল। ২০০১ চনৰ পৰা ২০০৫ চনলৈ ধাৰাবাহিকখনে শ্ৰেষ্ঠ ধাৰাবাহিকৰ বাবে ভাৰতীয় দূৰদৰ্শন একাডেমী বঁটা লাভ কৰে। ৮ বছৰ পুৰণি ধাৰাবাহিকখনত ১৮০০ তকৈও অধিক খণ্ড প্ৰদৰ্শিত হৈছিল আৰু এতিয়াও ইয়াৰ চৰিত্ৰসমূহ দৰ্শকৰ মনত আছে।

কাচাউটি জিন্দেগী কী (২০০১)

২০০১ চনত আৰম্ভ হোৱা এই ধাৰাবাহিকখনে একতাৰ শাহু-বোৱাৰী ধাৰাবাহিকৰ উত্তৰাধিকাৰীক অধিক ডাঙৰ কৰি তুলিছিল। শ্বেতা তিৱাৰীক এই ধাৰাবাহিকৰ জৰিয়তেই একতাই চুপাৰষ্টাৰ বনাইছিল। ১৪৮৩ খণ্ডৰ ধাৰাবাহিকখনত অনুৰাগ আৰু প্ৰেৰণাৰ কাহিনীয়ে ঘৰে ঘৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল আৰু চৰিত্ৰ দুটা আঁতৰ হোৱাৰ পিছতহে অৱশেষত ধাৰাবাহিকখন শেষ হৈছিল।

কাহানী ঘৰ ঘৰ কী (২০০০)
ক্যুকি চাছ্ ভি কভী বহু থী ধাৰাবাহিকখনৰ লগতে আৰম্ভ হৈছিল কাহানী ঘৰ ঘৰ কী আৰু অভিনেত্ৰী সাক্ষী তানৱাৰৰ কেৰিয়াৰৰ ক্ষেত্ৰত এই ধাৰাবাহিকখনৰ ভূমিকা আছিল অনন্য। কেনেকৈ এগৰাকী আদৰ্শ বোৱাৰীয়ে পৰিয়ালৰ সৰু সৰু সমস্যাৰ সৈতে সংগ্ৰাম কৰে আৰু গোটেই পৰিয়ালটোক সংযুক্ত কৰি ৰাখে, কেৱল এই কাহিনীৰ বাবেই ধাৰাবাহিকখন আঠ বছৰ ধৰি চলিছিল। একতাই ভাৰতীয় দৰ্শকৰ ৰুচি বুজি উঠিছিল আৰু 'চাছ্ বহু'ৰ কাল আৰম্ভ হৈছিল।

নাগিন (২০১৫)
ইয়াৰ মাজতে ইয়ে হে মহব্বতে, পবিত্ৰ ৰিস্তা আৰু কুসুমৰ দৰে বহুতো ধাৰাবাহিক আছে যাক একতাৰ আটাইতকৈ সফল ধাৰাবাহিক হিচাপে গণ্য কৰিব পাৰি। কিন্তু এই সকলোবোৰৰে প্লট প্ৰায় একে আছিল। নাগিন এইকাৰণেই বিশেষ যে, একতাই এই ধাৰাবাহিকখনৰ জৰিয়তে নিজস্ব আৰ্হি আৰু শৈলী ভাঙিছিল আৰু দৰ্শকক নতুন ফেণ্টাছী দিছিল। ২০১৫ চনত মুকলি কৰা নাগ-নাগিন ট্ৰেণ্ড প্ৰৱৰ্তন কৰাৰ কৃতিত্বও একতা কাপুৰকে দিয়া হয়। একতাৰ এই অনুষ্ঠানটোৰ এটা মুখ্য আকৰ্ষণ হ'ল যে ইয়াৰ টিআৰপি আজিলৈকে প্ৰথম তিনিটা স্থানৰ পৰা অৱনমিত হোৱা নাই।
Published by: Kokil Sarma
First published: June 7, 2021, 6:26 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি