• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • হঠাৎ কাৰেণ্ট গ’ল কপিল শৰ্মাৰ শ্ব’ত, আন্ধাৰত কি কৰিলে কপিল শৰ্মা–অৰ্চনা পূৰণ সিঙে? চাওক VIDEO

হঠাৎ কাৰেণ্ট গ’ল কপিল শৰ্মাৰ শ্ব’ত, আন্ধাৰত কি কৰিলে কপিল শৰ্মা–অৰ্চনা পূৰণ সিঙে? চাওক VIDEO

এই ভিডিঅ’টোত দৰ্শকে কপিল শৰ্মা আৰু ‘স্বপ্না’ৰূপী কৃষ্ণাক বিভিন্ন অনুৰোধ জনোৱা দেখা গৈছে।

এই ভিডিঅ’টোত দৰ্শকে কপিল শৰ্মা আৰু ‘স্বপ্না’ৰূপী কৃষ্ণাক বিভিন্ন অনুৰোধ জনোৱা দেখা গৈছে।

এই ভিডিঅ’টোত দৰ্শকে কপিল শৰ্মা আৰু ‘স্বপ্না’ৰূপী কৃষ্ণাক বিভিন্ন অনুৰোধ জনোৱা দেখা গৈছে।

  • Share this:
জনপ্ৰিয় টিভি শ্ব’ The Kapil Sharma show প্ৰায়ে চৰ্চাত থাকে। শেহতীয়াকৈ কপিল শৰ্মাৰ শ্ব’ৰ শ্বুটিঙৰ সময়ত হঠাৎ ব্যাহত হৈ পৰে বিদ্যুৎ যোগান। শ্বুটিং স্থগিত হৈ যোৱাৰ সময়ত দৰ্শকসকলে কপিল শৰ্মাক বিভিন্ন অনুৰোধ কৰিবলৈ ধৰে। এই ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’টো ৰেকৰ্ড কৰিছে কপিল শৰ্মা শ্ব’ৰ বিচাৰক অৰ্চনা পূৰণ সিঙে। নিজৰ ইনষ্টাগ্ৰামতো এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে অৰ্চনা পূৰণ সিঙে।

এই ভিডিঅ’টোত দৰ্শকে কপিল শৰ্মা আৰু ‘স্বপ্না’ৰূপী কৃষ্ণাক বিভিন্ন অনুৰোধ জনোৱা দেখা গৈছে। ইয়াৰ মাজতে কপিল শৰ্মাই ব্ৰেক ডেন্স কৰিও দেখুৱালে দৰ্শকক। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি অৰ্চনা পূৰণ সিঙে লিখিছে – ‘লাইট গুচি গ’লে কি হয়’। এই ভিডিঅ’টোত বহু অনুৰাগীয়ে কমেণ্ট কৰিছে ছচিয়েল মিডিয়াত।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published: