CIDৰ পিছত এইবাৰ দয়াই ঘৰৰ দুৱাৰ ভাঙিব বিগ বছ ১৩ৰ

যদি আপুনি ভাবিছে কেতিয়া আৰম্ভ হ’ব বিগ বছ। আপোনা জ্ঞাতাৰ্থে জনাও যে ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰিয়েলিটী শ্ব’ বিগ বছ।

Dulu Medhi | news18assam
Updated:May 30, 2019, 5:32 PM IST
CIDৰ পিছত এইবাৰ দয়াই ঘৰৰ দুৱাৰ ভাঙিব বিগ বছ ১৩ৰ
যদি আপুনি ভাবিছে কেতিয়া আৰম্ভ হ’ব বিগ বছ। আপোনা জ্ঞাতাৰ্থে জনাও যে ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব ৰিয়েলিটী শ্ব’ বিগ বছ।
Dulu Medhi | news18assam
Updated: May 30, 2019, 5:32 PM IST
বিগ বছ ১৩ক লৈ আৰম্ভ হৈছে চৰ্চাৰ। কেতিয়াবা শ্ব’ৰ থীম আৰু কেতিয়াবা আকৌ শ্ব’ত যোগদান কৰিবলগীয়া প্ৰতিযোগীৰ নামো চৰ্চাৰ বিষয় হৈ পৰিছে। কিন্তু বিগত কিছুদিন ধৰি CIDৰ বিখ্যাত চৰিত্ৰ দয়া অৰ্থাৎ দয়ানন্দ শেট্টী আৰু ‘না আনা ইছ দেশ মেৰী লাডৌ’ৰ অম্মাজী অৰ্থাৎ মেঘনা মালিকৰ নাম শুনিবলৈ পোৱা গৈ আছে। বৰ্তমানলৈ এই সন্দৰ্ভত অভিনত্ৰীগৰাকীক তৰফৰ পৰা কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই কিন্তু ইয়াত কোনো সন্দেহ নাই যে এই প্ৰস্তাৱ নাকচ নকৰিব। কাৰণ দুয়োগৰাকী সৰু পৰ্দাৰ জনপ্ৰিয় চেহেৰা।

ইয়াৰোপৰি এইবাৰ ‘য়ে হে মোহব্বতে’ৰ কৰন পাটেল, ভাৰতী সিংহ আৰু হৰ্ষ লিম্বাচিয়া, মাহী বিজ আৰু জয় ভানুশালী, দিব্যায়াংকা ত্ৰিপাঠী আৰু বিবেক দহিয়া, নিয়া শৰ্মাৰ দৰে চেলিব্ৰিটীৰ নামো সন্মুখলৈ আহিছে। যদি উল্লেখ কৰা নামসমূহৰ আটাইকেইগৰাকীয়ে বিগ বছত অংশ লয় তেন্তে এইবাৰৰ ছিজন হ’ব যথেষ্ট ৰোমাঞ্চকৰ।



বিগত বৰ্ষত অনুপ জলৌটা আৰু জছলীনৰ সম্বন্ধৰ পৰা আৰম্ভ কৰি দীপিকা আৰু শ্ৰীসন্তৰ ভাতৃ–ভগ্নীৰ যুটিয়েও ভাল ফলাফল দেখুৱাব নোৱাৰিলে। সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰ থীম ভৌতিক থীম হোৱাৰ সম্ভাৱনা। সময় আহিলেহে ক’ব প্ৰকাশ কৰা তথ্য কিমান সঁচা আৰু কিমান মিছা।
আৰু চাওক পৰৱৰ্তী বাতৰি