তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ হানীমুন, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো

ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নুছৰতৰ সুন্দৰ ফটোসমূহ। ফটোত ৱেষ্টাৰ্ণ আউটফিটত দেখা গৈছে সুন্দৰী নুছৰতক।

News18-Assam
Updated:August 2, 2019, 9:53 AM IST
তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ হানীমুন, ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে ফটো
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নুছৰতৰ সুন্দৰ ফটোসমূহ। ফটোত ৱেষ্টাৰ্ণ আউটফিটত দেখা গৈছে সুন্দৰী নুছৰতক।
News18-Assam
Updated: August 2, 2019, 9:53 AM IST
বাংলা অভিনেত্ৰীৰ পৰা তৃণমূল কংগ্ৰেছৰ সাংসদ হোৱা নুছৰত জাহানে ৰাজনীতিত খোজ দিয়াৰ পৰা চৰ্চা লাভ কৰি আহিছে। প্ৰথমদিনাই নিজৰ পোছাকক লৈ ট্ৰ’ল হৈছিল। বিয়াৰ পিছত শিৰত সেন্দুৰ আৰু মংগলসূত্ৰ পিন্ধি সংসদলৈ যোৱাক লৈও হৈছিল ব্যাপক চৰ্চা। ইয়াকে লৈ বহু লোক ক্ষুব্ধও হৈছিল। অৱশ্যে এই ক্ষুব্ধ লোকসকলক উচিত প্ৰত্যুত্তৰ দিছিল নুছৰতে। বিয়াৰ দুমাহ পিছত এতিয়া হানীমুনলৈ গৈছে নুছৰত জাহান। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে নুছৰত জাহানৰ ফটো।

নুছৰত জাহানেও ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ ফটো। নুছৰতৰ সুন্দৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ফটোত ৱেষ্টাৰ্ণ আউটফিটত দেখা গৈছে সুন্দৰী নুছৰতক। ফটো চাই বুজিব পাৰি যে নুছৰত মালদীপত আছে। অৱশ্যে নুছৰতে প্ৰকাশ কৰা নাই ঠাইৰ নাম।



নিজৰ ফটোত বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। একাংশ লোকে নুছৰতৰ ৰূপক প্ৰশংসা কৰাৰ লগতে আন একাংশই সাংসদৰ দায়িত্বৰ কথা সোঁৱৰাই দিছে।



উল্লেখযোগ্য যে ১৯ জুনত কলকাতাৰ ব্যৱসায়ী নিখিল জৈনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল নুছৰত জাহান।



বিয়াৰ পিছত শিৰত সেন্দুৰ লৈ মংগলসূত্ৰ পিন্ধি যেতিয়া সংসদত উপস্থিত হৈছিল, সকলোৰে দৃষ্টি কাঢ়িছিল নুছৰতে। পিছত নুছৰতৰ বিৰুদ্ধে জাৰি কৰা হৈছিল ফতোৱা। এই ফতোৱাৰ উত্তৰত নুছৰতে কৈছিল যে মই সকলো ধৰ্মক সমানে সন্মান কৰো। মই এতিয়াও মুছলমান। মই কি পিন্ধো, কি নিপিন্ধো তাক লৈ মন্তব্য কৰা উচিত নহয়।
আৰু চাওক পৰৱৰ্তী বাতৰি