TikTok-এ জীৱন সলনি কৰিলে এইগৰাকী যুৱতীৰ, ঘৰতে বহি উপাৰ্জন লাখ লাখ টকা, ৰাখিছে বডীগাৰ্ড, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 3, 2019, 7:23 PM IST
TikTok-এ জীৱন সলনি কৰিলে এইগৰাকী যুৱতীৰ, ঘৰতে বহি উপাৰ্জন লাখ লাখ টকা, ৰাখিছে বডীগাৰ্ড, চাওক VIDEO
ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় যুৱতীগৰাকীৰ নাম হলী হৰ্ণ।

ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় যুৱতীগৰাকীৰ নাম হলী হৰ্ণ।

  • Share this:
ছচিয়েল মিডিয়া প্লেটফৰ্মৰ শক্তি ইমানেই যে নিশাটোৰ ভিতৰতে কাৰোবাক কৰি তুলিব পাৰে তাৰকা, কাৰোবাক কৰিব পাৰে ধ্বংস। ছচিয়েল মিডিয়াৰ জৰিয়তে বহুতেই জনপ্ৰিয়তাৰ লগতে অৰ্জন কৰিছে ধনো। তেনে এক ছচিয়েল মিডিয়া প্লেটফৰ্মেই হ’ল TikTok। টিকটকে সলনি কৰিলে এগৰাকী ২৩ বছৰীয়া যুৱতীৰ জীৱন।

ব্ৰিটেইনৰ এই যুৱতীগৰাকীৰ টিকটকত আছে প্ৰায় ১.৬ কোটি ফলোৱাৰ। যাৰ ফলত যুৱতীগৰাকী ইমানেই জনপ্ৰিয় আৰু আৰ্থিকভাৱে সবল হৈ উঠিছে যে নিৰাপত্তাৰ বাবে এতিয়া ৰাখিবলগীয়া হৈছে দেহৰক্ষী। যুৱতীগৰাকীৰ মাতৃয়েও এৰি দিছে চাকৰি।

ছচিয়েল মিডিয়াত অতি জনপ্ৰিয় যুৱতীগৰাকীৰ নাম হলী হৰ্ণ। হলী এতিয়া ব্ৰিটেইনৰ ছুপাৰষ্টাৰ। সুন্দৰ চেহেৰাৰ হলী এতিয়া তাৰকা। দিনক দিনে বৃদ্ধি পাইছে হলীৰ অনুৰাগীও।





NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


First published: December 3, 2019, 7:23 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading