• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Tiger Shroff in Pinch-2: জেকি তনয় টাইগাৰ শ্ৰফে ক'লে– 'মই ভাৰ্জিন, একদম ছলমান খানৰ দৰে...'

Tiger Shroff in Pinch-2: জেকি তনয় টাইগাৰ শ্ৰফে ক'লে– 'মই ভাৰ্জিন, একদম ছলমান খানৰ দৰে...'

ছলমান খানক কৰণ জোহৰে কেইবাবছৰ আগতে তেওঁৰ চেট শ্ব' 'কফি উইথ কৰ্ণ'ত একেটা প্ৰশ্ন সুধিছিল।

ছলমান খানক কৰণ জোহৰে কেইবাবছৰ আগতে তেওঁৰ চেট শ্ব' 'কফি উইথ কৰ্ণ'ত একেটা প্ৰশ্ন সুধিছিল।

ছলমান খানক কৰণ জোহৰে কেইবাবছৰ আগতে তেওঁৰ চেট শ্ব' 'কফি উইথ কৰ্ণ'ত একেটা প্ৰশ্ন সুধিছিল।

  • Share this:

টাইগাৰ শ্ৰফ হৈছে 'ভাৰ্জিন'। জেকি তনয় টাইগাৰ শ্ৰফে আৰবাজ খানৰ শ্ব' 'পিঞ্চ'ত আহি নিজেই এই কথা জনাইছে। আৰবাজ খানে শ্ব'টোৰ কিছু আভাস পোষ্ট কৰিছিল ছ'চিয়েল মিডিয়াত। ছচিয়েল মিডিয়াত টাইগাৰক লৈ হোৱা ট্ৰ'লৰ কথা পঢ়াই শুনাইছিল আৰবাজে।


ইয়াতে তোলা হৈছিল প্ৰশ্নটো, টাইগাৰৰ বহু অনুৰাগীয়ে জানিব বিচাৰিছিল টাইগাৰ কোনো প্ৰেয়সীৰে ঘনিষ্ঠ সান্নিধ্যত আহিছিলনে? অভিনেতাজনে কয়, 'নাই, মই কেতিয়াও ইমান ঘনিষ্ঠ সম্পৰ্কলৈ যোৱা নাই। ঠিক ছলমান খানৰ দৰে মই ভাৰ্জিন।'






এনেদৰে অভিনেতাজনে অনুৰাগীগৰাকীৰ প্ৰশ্নৰ উত্তৰ ধেমেলীয়াকৈ দিছিল। উল্লেখ্য, ছলমান খানক কৰণ জোহৰে কেইবাবছৰ আগতে তেওঁৰ চেট শ্ব' 'কফি উইথ কৰ্ণ'ত একেটা প্ৰশ্ন সুধিছিল। ছলমানে উত্তৰ দিছিল যে তেওঁ এতিয়াও 'ভাৰ্জিন'। অভিনেতা টাইগাৰেও ছলমানৰ কথাষাৰ ধাৰত লৈ একেটা উত্তৰ দিছিল।


টাইগাৰে তেওঁৰ পেছাদাৰী কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈছে। অভিনেতাজনে বিশেষকৈ তেওঁৰ চেহেৰাৰ বিষয়ে বহুতো বেয়া কমেণ্ট শুনিছে। তেওঁ সেই সকলোবোৰ কথা আৰবাজ খানৰ চেট শ্ব' পিঞ্চত উল্লেখ কৰিব। উল্লেখ্য, আৰবাজ খানৰ এই শ্ব'টোত চেলিব্ৰিটিসকলে অনলাইন ট্ৰ'লৰ সন্মুখীন হোৱা বিষয়ক লৈ চেলিব্ৰিটীগৰাকীৰ মন্তব্য জানিব বিচৰা হয়।

Published by:Gautam Barman
First published: