உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Indian Idol: প্ৰতিযোগীৰ গান শুনি নিজকে চৰ শোধালে বিচাৰক অনু মালিকে ! ভাইৰেল হৈ পৰিছে ভিডিঅ'

    Indian Idol: প্ৰতিযোগীৰ গান শুনি নিজকে চৰ শোধালে বিচাৰক অনু মালিকে ! ভাইৰেল হৈ পৰিছে ভিডিঅ'

    গানৰ ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল' (Indian Idol Audition)ৰ ১১তম চিজনত এনে এক  ঘটনা সংঘটিত হৈছিল, যি দেখি নিজকে কেইবাবাৰো চৰ শোধাইছিল অনু মালিকে । য?

    গানৰ ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল' (Indian Idol Audition)ৰ ১১তম চিজনত এনে এক ঘটনা সংঘটিত হৈছিল, যি দেখি নিজকে কেইবাবাৰো চৰ শোধাইছিল অনু মালিকে । য?

    গানৰ ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল' (Indian Idol Audition)ৰ ১১তম চিজনত এনে এক ঘটনা সংঘটিত হৈছিল, যি দেখি নিজকে কেইবাবাৰো চৰ শোধাইছিল অনু মালিকে । য?

    • Share this:
    ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল' (Indian Idol) ৰ সৈতে পুৰণি সম্পৰ্ক আছে বলীউডৰ প্ৰখ্যাত সংগীত ব্যৱস্থাপক (Music Composer) অনু মালিকৰ । দীৰ্ঘদিন সময় ধৰি এই অনুষ্ঠানটোৰ বিচাৰকৰ দায়িত্ব গ্ৰহণ কৰি আহিছে অনুয়ে । গানৰ ৰিয়েলিটি শ্ব' 'ইণ্ডিয়ান আইডল'ৰ ১১ তম চিজনত এনে এক ঘটনা সংঘটিত হৈছিল, যাৰ পিছত অনু মালিকে নিজকে কেইবাবাৰো চৰ শোধাবলৈ আৰম্ভ কৰিছিল। অনু মালিকে কৰা এনে কাৰ্যই আচৰিত কৰি তুলিছিল সকলোকে ।
    ইউটিউবত SET ইণ্ডিয়াই শ্বেয়াৰ কৰা এটা ভিডিঅ'ত পৱন কুমাৰ নামৰ এগৰাকী প্ৰতিযোগীয়ে অডিচন (Audition) দিবলৈ আহি পৰিৱেশন কৰা অপৈণত গানৰ শৈলীৰে হতবাক কৰি তুলিছিল বিচাৰক অনু মালিক, নেহা কক্কৰ আৰু বিশাল দাদলানীক । যি দেখি অনুৱে নিজকে কেইবাবাৰো চৰ শোধাবলৈ বাধ্য হৈছিল, নেহাই কান্দি উঠিছিল আৰু বিশালে মূৰত হাত দিবলৈ বাধ্য হৈছিল ।

    পৱন নামৰ এগৰাকী প্ৰতিযোগীয়ে হাতত গৰম পানী ভৰ্তি এটা কাপ লৈ প্ৰৱেশ কৰিছিল ইণ্ডিয়ান আইডলৰ অডিচন (Indian Idol Audition) কোঠাত । তাৰ পিছত তেওঁ 'এ দিল হে মুস্কিল'ৰ এটি গীত গাবলৈ লৈছিল, যি শুনি আচৰিত হৈ পৰিছিল উপস্থিত সকলো । অত্যন্ত জোৰেৰে গীত গাবলৈ লোৱা পৱনৰ কন্ঠও মাজতেই ৰুদ্ধ হৈ পৰিছিল। যাৰ বাবে গীতৰ মাজতেই তেওঁ পানী খাবলৈ কৈছিল বিচাৰকে । পৱন সেই ভিডিঅ' পুনৰ ভাইৰেল হ'ব লৈছে ছ'চিয়েল মিডিয়াত ।

    উল্লেখ্য় যে, দুবছৰ পূৰ্বে অৰ্থাত্ ২০১৯ চনৰ অক্টোবৰত ইণ্ডিয়ান আইডল (Indian Idol )ৰ বিচাৰকৰ দায়িত্ব গ্ৰহণৰ সময়ত ভিন্ন অভিযোগৰ সন্মুখীন হৈছিল মালিক । গায়িকা সোনা মহাপাত্ৰ, নেহা ভাছিন আৰু শ্বেতা পণ্ডিতকে ধৰি কেইবাগৰাকী মহিলাই তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিছত তেওঁ অনুষ্ঠানটো এৰিব লগা হৈছিল, কিন্তু ১১ তম চিজনত তেওঁক পুনৰ এবাৰ বিচাৰক হিচাপে অনা হৈছিল। যদিও অনুষ্ঠানটোত পুনৰ দেখি অনু মালিকক খং উঠিছিল ভিন্নজনৰ, প্ৰশ্নও উত্থাপন কৰিছিল বহুতে ।
    First published: