কুকুৰবোৰ মানুহৰ আটাইতকৈ ভাল বন্ধু, লগতে শিশুৰ বাবেও এক শ্ৰেষ্ঠ লগৰীয়া। এই প্ৰিয় পোহনীয়া জন্তুবোৰ হৈছে নিষ্ঠাৱান সংগী আৰু মানুহক দেখি সদায়েই আনন্দিত হয়। ইণ্টাৰনেটত অতি জনপ্ৰিয় কুকুৰৰ মৰমলগা ভিডিঅ'বোৰ আৰু যদি আপুনি এই 'বিশেষ কাল্ট'ৰ অনুৰাগী হয়, তেন্তে সোণালী কুকুৰ (Golden retriever)ৰ এই ভিডিঅ'টোৱে নিশ্চিতভাৱে আপোনাৰ মুখত হাঁহি বিৰিঙাব। টাকাৰ (Tucker) নামৰ এটা গ’ল্ডেন ৰিট্ৰিভাৰৰ ইনষ্টাগ্ৰাম প্ৰফাইলত শ্বেয়াৰ কৰা ভিডিঅ'টোত ইয়াক কেইবাটাও স্নেপচাট (Snapchat) ফেচ ফিল্টাৰ ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। মৰমলগা ক্লিপটোৰ সৈতে শ্বেয়াৰ কেপচনত লিখা আছিল, "মই কেৱল বেনামী হৈ থাকিবলৈ চেষ্টা কৰি আছো।" ইনষ্টাগ্ৰাম ৰিলৰ ভিডিঅ'টো টাকাৰে মানুহৰ মুখৰ দৰে বিভিন্ন স্নেপচাট ফিল্টাৰ ব্যৱহাৰ কৰা দেখা গৈছে । ইয়াৰ দ্বাৰাই টাকাৰে সকলোকে দিছে আনন্দ ।
ভিডিঅ'টোৱে মূল ৰিল ভিডিঅ'ত ২.৮ লাখতকৈও অধিক লাইকৰ সৈতে ইনষ্টাগ্ৰামত এক আচৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। ভিডিঅ'টোৰ কমেণ্ট শাখাও টাকাৰৰ ভিন্ন অৱতাৰৰ প্ৰশংসাৰে ভৰি পৰিছে। ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "অ’ মাই গড ! ইয়াক অতি মৰমলগা ৰূপত দেখিবলৈ পোৱা গৈছে।" ইপিনে আন বহুতো কুকুৰ প্ৰেমীয়েও ভিডিঅ'টোৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া দিয়া দেখা গৈছিল।
View this post on Instagram
টাকাৰ ইনষ্টাগ্ৰামত যথেষ্ট জনপ্ৰিয় আৰু ইয়াৰ দ্বাৰা বুজিব পৰা গৈছে যে কুকুৰটো সঁচাকৈয়ে ৩ মিলিয়নৰো অধিক ফল’ৱাৰ্ছৰ মাজত জনপ্ৰিয়। টাকাৰৰ গৰাকী ক’ৰ্টনি বুডজিন (Courtney Budzyn)ৰ দ্বাৰা পৰিচালিত প্ৰ'ফাইলটো ইয়াৰ মৰমলগা ছবি আৰু ভিডিঅ'ৰে ভৰি আছে।
ইণ্টাৰনেটত ভাইৰেল হোৱা আন এটা কুকুৰৰ ভিডিঅ'ত, এটা কুকুৰে ইয়াৰ গৰাকীক সুৰক্ষিতভাৱে গাড়ী পাৰ্কিঙত সহায় কৰা দেখা গৈছিল। ভিডিঅ'টোত দেখা গৈছে যে এটা কুকুৰে গাড়ীৰ পিছফালৰ ফুটপাথত বহি চালকজনৰ দিশে মুখ কৰি আছে। গাড়ীখন ফুটপাথ স্পৰ্শ কৰিবলৈ ওলোৱাৰ লগে লগে, কুকুৰটোৱে গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিবলৈ ভুকে।
the best barking sensor you can get pic.twitter.com/Lyz8uyW0nY
— Humor And Animals (@humorandanimals) May 19, 2021
ভিডিঅ'টোৱে টুইটাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। মূল টুইটটোত ২ মিলিয়নতকৈও অধিক ভিউজ আৰু ২ লাখ লাইকৰ সৈতে ভাইৰেল হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|