‘কিছুমান কাপোৰ পিন্ধাৰ নিৰ্দিষ্ট বয়স থাকে’– প্ৰিয়ংকা চোপ্ৰাক নীতিশিক্ষা এগৰাকী ফেশ্বন ডিজাইনাৰৰ

News18 Assam | News18-Assam
Updated:January 30, 2020, 1:59 PM IST
‘কিছুমান কাপোৰ পিন্ধাৰ নিৰ্দিষ্ট বয়স থাকে’– প্ৰিয়ংকা চোপ্ৰাক নীতিশিক্ষা এগৰাকী ফেশ্বন ডিজাইনাৰৰ
এইবাৰ নিজৰ পোছাকক লৈ ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

এইবাৰ নিজৰ পোছাকক লৈ ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা

  • Share this:
এইবাৰ নিজৰ পোছাকক লৈ ছচিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে বলীউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। দেওবাৰে গ্ৰেমী এৱাৰ্ডছ ২০২০ত অংশগ্ৰহণৰ সময়ত প্ৰিয়ংকা পিন্ধা পোছাকক লৈ চলিছে সৰৱ চৰ্চা।

পৰিধান কৰা ‘আজৱ পোছাক’ দেখি প্ৰিয়ংকা চোপ্ৰাক নীতিশিক্ষা দিলে এগৰাকী ফেশ্বন ডিজাইনাৰে। ফেশ্বন ডিজাইনাৰ ৱেনডেল ৰোড্ৰিকছে কয় যে, ‘কিছুমান পোছাক পিন্ধাৰ নিৰ্দিষ্ট বয়স থাকে। শকত মানুহে যেনেকৈ টাইট পোছাক পৰিধান কৰিলে ভাল নেদেখি, ঠিক তেনেদৰে নিৰ্দিষ্ট এক বয়স পাৰ হোৱাৰ পিছত এনেধৰণৰ পোছাকো পৰিধান কৰিলে ভাল নেদেখি। কেৱল শৰীৰ দেখুৱাই চৰ্চালৈ আহিবলৈ বিচাৰিলে বেয়া দেখি।’



ইফালে, কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় ফেশ্যন আইকনে প্ৰিয়ংকাৰ এই পোছাক পছন্দ কৰাৰ বিপৰীতে আন একাংশই ‘দেশী গাৰ্ল’ৰ এই লুকক লৈ আৰম্ভ কৰিছে ট্ৰ’ল। অনুষ্ঠানত স্বামী নিক জোনাছৰ সৈতে উপস্থিত হৈছিল প্ৰিয়ংকা।

প্ৰিয়ংকাই নিকৰ সৈতে গ্ৰেমী ২০২০ৰ ৰেড কাৰ্পেটত ফেশ্যন ডিজাইনাৰ ৰাল্ফ এণ্ড ৰুছ’ৱে ডিজাইন কৰা পোছাকৰ সৈতে প্ৰৱেশ কৰিছিল।
আৰু চাওক
পৰৱৰ্তী বাতৰি