বলীউদ এৰিব জায়ৰাই! ‘দ্য স্কাই ইজ পিংক’ হ’ব জায়ৰা ৱাছিমৰ অন্তিম ছবি

জায়ৰাৰ এই হঠকাৰী সিদ্ধান্তত সংবাদ মাধ্যমৰ লগতে ছবি জগততো চাঞ্চল্যৰ সৃষ্টি কৰিছে।

News18-Assam
Updated:October 4, 2019, 8:20 AM IST
বলীউদ এৰিব জায়ৰাই! ‘দ্য স্কাই ইজ পিংক’ হ’ব জায়ৰা ৱাছিমৰ অন্তিম ছবি
Photo : thedailystar.net
News18-Assam
Updated: October 4, 2019, 8:20 AM IST
কাশ্মীৰী অভিনেত্ৰী জায়ৰা ৱাছিমে আমিৰ খানৰ সৈতে বলীউদৰ দুখনকৈ ছবি ‘ডংগল’ আৰু ‘ছিক্ৰেট ছুপাৰষ্টাৰ’ত অভিনয় কৰিছে আৰু দুয়োখন ছবিয়ে ব্লকবাষ্টাৰ হৈছে। কম বয়সতে জায়ৰা ৱাছিমে অভিনেত্ৰী হিচাপে ছবি জগতত নিজৰ স্থান নিগাজি কৰিবলৈ সক্ষম হৈছে। জায়ৰা ৱাছিমলৈ আহি আছে বহুকেইখন ছবিৰ অফাৰো। সুন্দৰী অভিনেত্ৰীগৰাকীয়ে নিজৰ তৃতীয়খন ছবি ‘দ্য স্কাই ইজ পিংক’ৰ শ্বুটিং সমাপ্ত কৰিয়ে ছবি জগতৰ পৰা সন্যাস লোৱাৰ কথা ঘোষণা কৰে।

জায়ৰাৰ এই হঠকাৰী সিদ্ধান্তত সংবাদ মাধ্যমৰ লগতে ছবি জগততো চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰম্ভণিতে কোৱা হৈছিল যে জায়ৰাৰ ছচিয়েল মিডিয়া একাউণ্ট হেক হৈছে আৰু ছবি জগতৰ পৰা সন্যাস লোৱাৰ যি পোষ্ট আছিল সেয়া জায়ৰাই কৰা নাছিল। কিন্তু এই খবৰ খণ্ডন কৰি জায়ৰাই ছচিয়েল মিডিয়াত আন এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে এয়া তেওঁৰ নিজৰ সিদ্ধান্ত আৰু তেওঁ সঁচাকৈয়ে ছবি জগতৰ এৰাৰ মন মেলিছে।

Photo : pinkvilla.com


জায়ৰাই ‘দ্য স্কাই ইজ পিংক’ৰ প্ৰমোশ্যনতো অংশ লোৱা নাই। কিন্তু ছবিখনৰ পৰিচালক সোণালী বসুৱে NEWS18 হিন্দীৰ সৈতে হোৱা সাক্ষাত্কাৰত কয় যে মই জুলাইত জায়ৰাক লগ পাবলৈ শ্ৰীনগৰলৈ গৈছিলো আৰু শীঘ্ৰে আকৌ জায়ৰাক সাক্ষাৎ কৰিম। জায়ৰাই যি সিদ্ধান্ত লৈছে মই তাক সন্মান জনাইছো।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি