உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • The Radio Guy – দৰ্শকৰ মাজলৈ আহিল নতুন অসমীয়া চুটি ছবি 'দ্যা ৰেডিঅ' গাই'

    The Radio Guy – দৰ্শকৰ মাজলৈ আহিল নতুন অসমীয়া চুটি ছবি 'দ্যা ৰেডিঅ' গাই'

    এৰেঞ্জ আৰু লভবাৰ্ড চুটি ছবিৰ সফলতাৰ পিছত কেচি ডিজিটেল ফিল্মচৰ নতুন নিবেদন The Radio Guy।

    এৰেঞ্জ আৰু লভবাৰ্ড চুটি ছবিৰ সফলতাৰ পিছত কেচি ডিজিটেল ফিল্মচৰ নতুন নিবেদন The Radio Guy।

    এৰেঞ্জ আৰু লভবাৰ্ড চুটি ছবিৰ সফলতাৰ পিছত কেচি ডিজিটেল ফিল্মচৰ নতুন নিবেদন The Radio Guy।

    • Share this:
    কোৰোণাৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে। কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে বন্ধ ৰখা গৈছে চলচিত্ৰ গৃহসমূহ। কোৰোণাৰ ফলত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে মনোৰঞ্জনৰ ক্ষেত্ৰখন। কিন্তু তাৰ মাজতো একাংশ প্লেটফৰ্মে দৰ্শকৰ মনোৰঞ্জনৰ দিশটোৰ প্ৰতি লক্ষ্য ব্যতিক্ৰমী চিন্তাৰে আগবাঢ়িছে। এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় কেচি ডিজিটেল ফিল্মছ। নিজৰ Youtube চেনেলৰ জৰিয়তেই ব্যতিক্ৰমী চুটি ছবি দৰ্শকৰ বাবে উপহাৰ দি আহিছে কেচি ডিজিটেল ফিল্মছে।



    এৰেঞ্জ আৰু লভবাৰ্ড চুটি ছবিৰ সফলতাৰ পিছত কেচি ডিজিটেল ফিল্মচৰ নতুন নিবেদন The Radio Guy। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শশাংক সমীৰে। আন আন মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাদল আৰিয়ান সিংহা, হীৰা নেওগ আৰু হৰ্ষ সিদ্ধান্তই। ছবিখনৰ কনটেপ্ট আৰু পৰিচালনা সমুজ্জ্বল কাশ্যপৰ।

    জনপ্ৰিয় কণ্ঠশিল্পী জয় বৰুৱাই ছবিখনৰ টাইটেল গীতটোত কণ্ঠদান কৰিছে। ছবিখন মুকলি কৰা অনু্ষষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা। নিৰ্মাতা গোষ্ঠীৰ আশা- এৰেঞ্জ আৰু লভ বাৰ্ডৰ দৰেই এইখন ছবিও দৰ্শকে আদৰি ল'ব।
    Published by:Himangshu Bhuyan
    First published: