শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ দিনাই অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ ৰ প’ষ্টাৰ মুকলি

বৰগীতক বিশ্বৰ আগত তুলি ধৰাৰ এক মহৎ প্ৰয়াস কৰিছে সংগীত শিল্পী অনুৰাগ শইকীয়াই

News18-Assam
Updated:October 8, 2019, 10:10 PM IST
শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথিৰ দিনাই অনুৰাগ শইকীয়াৰ ‘প্ৰজেক্ট বৰগীত’ ৰ প’ষ্টাৰ মুকলি
বৰগীতক বিশ্বৰ আগত তুলি ধৰাৰ এক মহৎ প্ৰয়াস কৰিছে সংগীত শিল্পী অনুৰাগ শইকীয়াই
News18-Assam
Updated: October 8, 2019, 10:10 PM IST
এক বৃহৎ জাতি গঠনেৰে অসম আৰু অসমীয়াৰ পৰিচয় বিশ্বৰ মানচিত্ৰত আঁকিছিল মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে। দুয়োজনা মহাপুৰুষৰ অমূল্য সৃষ্টি হ’ল বৰগীত। অসমীয়া জাতি গঠনত অন্যতম ভুমিকা পালন কৰা গুৰুজনাৰ অনুপম সৃষ্টি বৰগীতক বিশ্বৰ আগত তুলি ধৰাৰ এক মহৎ প্ৰয়াস কৰিছে সংগীত শিল্পী অনুৰাগ শইকীয়াই।



অনুৰাগৰ সপোনৰ প্ৰজেক্ট, দীৰ্ঘসময় ধৰি চলাই অহা প্ৰচেষ্টাৰ অন্তত সমগ্ৰ দেশ তথা বিশ্বৰ আগত মুক্তি দিয়াৰ বাবে ক্ৰমাৎ সাজু হৈছে সংগীত পৰিচালক অনুৰাগ শইকীয়া। পাশ্চাত্য সাস্ত্ৰীয় সংগীত আৰু অসমৰ অমূল্য সম্পদ বৰগীতৰ ক’লাবৰেচনত অনুৰাগে সজাইছে নিজৰ ‘প্ৰজেক্ট বৰগীত’। আজি আনুষ্ঠানিক ভাবে মুকলি কৰা হয় প্ৰজেক্ট বৰগীতৰ অফিচিয়েল প’ষ্টাৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি