• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Comedy king Kapil Sharma: কপিল শৰ্মাৰ ধেমালি, ইনষ্টাগ্ৰামত পুৰণি ফটো পোষ্ট কৰি লিখিলে– কওক এতিয়া মই কোনজন?

Comedy king Kapil Sharma: কপিল শৰ্মাৰ ধেমালি, ইনষ্টাগ্ৰামত পুৰণি ফটো পোষ্ট কৰি লিখিলে– কওক এতিয়া মই কোনজন?

কপিল শৰ্মাৰ এই ফটোখনে আজিৰ দিনটোত ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে৷

কপিল শৰ্মাৰ এই ফটোখনে আজিৰ দিনটোত ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে৷

কপিল শৰ্মাৰ এই ফটোখনে আজিৰ দিনটোত ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে৷

  • Share this:

কমেডি কিং কপিল শৰ্মাই (Kapil Sharma) অনুৰাগীসকলৰ হৃদয় জয় কৰিছে তেওঁৰ সুকীয়া কৌতুক শৈলীৰে। কৌতুক অভিনেতাজনৰ অনুষ্ঠান দ্য কপিল শৰ্মা শ্ব' (The Kapil Sharma Show) ভাল নোপোৱা লোকৰ অভাৱ ঘটিব। কেইদিনমানৰ বাবে অনুষ্ঠানটোৰ পৰা বিৰতি লোৱা কপিল শৰ্মাই তেওঁৰ অনুৰাগীসকলৰ বাবে এখন বিশেষ ফটো শ্বেয়াৰ কৰিছে।


ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰা এই ফটোখন যথেষ্ট পুৰণি, য'ত কপিল শৰ্মাক চিনাক্ত কৰাটো অনুৰাগীসকলৰ বাবে একেবাৰে সহজ নহয়। কপিল শৰ্মাক ফটোখনত তেওঁৰ বন্ধুবৰ্গৰ সৈতে বহি থকা দেখা গৈছে। ফটোখনত কপিলকে ধৰি মুঠ ১০জন লোকক দেখা গৈছে।











View this post on Instagram






A post shared by Kapil Sharma (@kapilsharma)





পোষ্টটোত কপিল শৰ্মাই লিখিছে– আমাৰ নাটকৰ ৰিহাৰ্চেল, সংগীত চৰ্চাৰ পিছত মোৰ দলৰ সৈতে, মোক ছবিখনত বিচাৰি উলিয়াওক? তলত মন্তব্যটো লিখক।


ফটোখন তেওঁৰ কলেজীয়া দিনৰ আছিল। এই ফটোখনে ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি আছে৷ কপিল শৰ্মাই অনুৰাগীসকলে ফটোখনক লৈ মন্তব্য কৰি আহিছে৷ যদি আপুনি ফটোখন মনোযোগেৰে চায়, কপিল শৰ্মাক দেখা পাব গীটাৰ লৈ থকা ল'ৰাজনৰ কাষত ধাপলি বাদ্য হাতত লৈ থকা। তেৱেঁই কলেজীয়া দিনৰ কপিল শৰ্মা।

Published by:Gautam Barman
First published: