প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে ২৮ ফেব্ৰুৱাৰীত কালাৰ্ছ টিভিত সম্প্ৰচাৰ কৰা হ’ব।
প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে ২৮ ফেব্ৰুৱাৰীত কালাৰ্ছ টিভিত সম্প্ৰচাৰ কৰা হ’ব।
ঘোষণা কৰা হ’ল ভি.এল.চি.চি. ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ৰ খিতাপ। বুধবাৰে ৰাতিয ফলাফল ঘোষণা কৰা এই প্ৰতিযোগীতাখনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। এইসকলৰ প্ৰতিযোগীৰ মাজৰ পৰা তেলেংগানাৰ মনসা বাৰান্সীয়ে ভি.এল.চি.চি. ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই সৌন্দৰ্য ৰাণী গৰাকী পেচাত অভিযন্তা।
তেলেংগানাৰ হায়দৰাবাদত জন্মগ্ৰহণ কৰা মনসা পেছাত এগৰাকী ফাইনেনচিয়েল এক্সচেঞ্জ ইনফৰমেশ্যন এনালিষ্ট। ২৩বছৰীয়া মনসাই ভাসাবী কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা নিজৰ শিক্ষা সম্পূৰ্ণ কৰিছে। ‘মিছ ইণ্ডিয়া’ৰ মতে মনসা সাধাৰণ, লাজকুৰীয়া এগৰাকী নাৰী। সংগীতৰ সৈতে সাংঘাতিক আপোনত্ব থকা মনসা এগৰাকী প্ৰশিক্ষিত ভাৰতনাট্যম ডান্সাৰো হয়। মনসাৰ আদৰ্শ প্ৰাক্তন বিশ্ব সুন্দৰী তথা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছ।
ইয়াৰ লগতে হাৰিয়ানাৰ মনিকা শিওকাণ্ডে ভি.এল.চি.চি. ফেমিনা মিছ গ্ৰেণ্ড ইণ্ডিয়া ২০২০ খিতাপ দখল কৰাৰ লগতে উত্তৰ প্ৰদেশৰ মান্যা সিঙক ভি.এল.চি.চি. ফেমিনা মিছ ইণ্ডিয়া ২০২০ ৰানাৰ-আপ ঘোষণা কৰা হয়।
মোহময়ী অভিনেত্ৰী নেহা ধুপিয়া, চিত্ৰাংগদা সিঙ, অভিনেতা পুলকিত সম্ৰাটৰ লগতে জনপ্ৰিয় ডিজাইনাৰ ফাল্গুনী আৰু শ্বেন পিকক এই প্ৰতিযোগীতাখনৰ বিচাৰকৰ দায়িত্বত আছিল।
প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনালে ২৮ ফেব্ৰুৱাৰীত কালাৰ্ছ টিভিত সম্প্ৰচাৰ কৰা হ’ব।
Manasa Varanasi (মনসা বাৰানসী), Falguni Shane Peacock (ফাল্গুনী শ্বেন পিকক) VLCC Femina Miss India World 2020 (ভি.এল.চি.চি. ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০), Vaani Kapoor (বানী কাপুৰ) Pulkit Samrat (পুলকিত সম্ৰাট)।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|