টেলিভিছনৰ জনপ্ৰিয় অভিনেত্ৰী তেজস্বী প্ৰকাশৰ WhatsApp একাউণ্ট হেক। হেকাৰে একাউণ্ট হেক কৰি অশ্লীল ভিডিঅ’ কল কৰি থকা বুলি অভিযোগ উত্থাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে।
‘স্পটবয়’ৰ আগত অভিনেত্ৰীগৰাকীয়ে কয় – ‘যিজন লোকে মোৰ WhatsApp একাউণ্ট হেক কৰিছে, তেঁৱেই মোৰ ফোনত থকা নম্বৰৰ গৰাকীৰ সৈতে বন্ধুত্বসুলভভাৱে কথা পাতি আছে আৰু এটা লিংক শ্বেয়াৰ কৰিছে। লিংকটো খুলিলেই কোড নম্বৰ বিচাৰিছে। যেতিয়াও মোৰ কনটেক্ট লিষ্টৰ কোনো লোকে কোড নম্বৰ পঠিয়ায়, শীঘ্ৰে তেওঁক ভিডিঅ’ কল কৰে। এই ভিডিঅ’ কল ৰিচিভ কৰিলে এজন লোকৰ অশ্লীল ৰূপ দেখা যায়।
তেজস্বীয়ে কয় – ‘মই মীৰা ৰোডত শ্বুটিং কৰি আছিলো। তেতিয়াও মোলৈ এটা ভিডিঅ’ কল আহে, মোৰ আশে–পাশে বহু লোক আছিল। যেতিয়াই মই ফোনটো ৰিচিভ কৰিলো, এজন নগ্ন লোক দেখিছিলো।’ উল্লেখযোগ্য যে কেৱল তেজস্বীয়ে নহয়, আন বহু লোকো চিকাৰ হৈছে হেকাৰৰ। তেজস্বীয়ে কয় – ‘কৰিশ্মা তান্না, তানিয়া শৰ্মা আৰু কেইবাগৰাকীও বন্ধুৱে মোক কৈছে যে তেওঁলোকলৈ এনেধৰণৰ কল আহিছে।’
তেজস্বীয়ে কয় যে এই ঘটনা অতি লাজলগা কিয়নো বন্ধুবৰ্গক ফোন কৰি এই সম্পৰ্কে ক’ব পাৰি, কিন্তু যিসকল ব্যক্তিক মই কেৱল কামৰ জৰিয়তে জানো, তেওঁলোকৰ ওপৰত কেনে প্ৰভাৱ পৰিব। শীঘ্ৰে এই সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিব অভিনেত্ৰীগৰাকী।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|