দুসপ্তাহতে ২০০ কোটিৰ ক্লাৱত অজয় দেৱগনৰ ‘Tanhaji’, মাত্ৰ ৩১ কোটি টকাতে সন্তুষ্ট দীপিকাৰ ‘Chhapaak’

News18 Assam | News18-Assam
Updated:January 25, 2020, 6:12 PM IST
দুসপ্তাহতে ২০০ কোটিৰ ক্লাৱত অজয় দেৱগনৰ ‘Tanhaji’, মাত্ৰ ৩১ কোটি টকাতে সন্তুষ্ট দীপিকাৰ ‘Chhapaak’
২০২০ বৰ্ষৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হ’ল অজয় দেৱগন আৰু কাজল অভিনীত ‘Tanhaji’

২০২০ বৰ্ষৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হ’ল অজয় দেৱগন আৰু কাজল অভিনীত ‘Tanhaji’

  • Share this:
বলীউদ বক্স অফিচত অজয় দেৱগন অভিনীত ‘Tanhaji–The Unsung warrior’ ৰ ধুমুহা। মুক্তিৰ মাত্ৰ দুসপ্তাহতে ২০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰি বছৰৰ প্ৰথমখন ব্লকবাষ্টাৰ ছবি হিচাপে পৰিগণিত হ’ল ছবিখন। দ্বিতীয় সপ্তাহত ছবিখনে সৰ্বমুঠ উপাৰ্জন কৰে ৮৩ কোটি টকা। ছবিখনে ইতিমধ্যে ভংগ কৰিছে সঞ্জু আৰু কবীৰ সিং ছবিৰ দ্বিতীয় সপ্তাহৰ উপাৰ্জনৰ ৰেকৰ্ড।

source-Google


মুক্তিৰ সময়ত জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকণ অভিনীত জীৱন ভিত্তিৰ ছবি ‘Chhapaak’ ৰ সৈতে একেলগে মুক্তি পাইছিল অজয়–কাজল অভিনীত ছবিখন। দ্বিতীয় সপ্তাহ লৈকে Tanhaji এ চমকপ্ৰদ’ উপাৰ্জন কৰাৰ বিপৰীতে দীপিকাৰ ‘Chhapaak’এ দ্বিতীয় সপ্তাহলৈকে উপাৰ্জন কৰিছে মাত্ৰ ৩১ কোটি টকা। ‘Chhapaak’ মুক্তিৰ পূৰ্বে দীপিকা পাডুকণ JNUত উপস্থিত হোৱা ঘটনাৰ ফলতেই ছবিখনৰ উপাৰ্জনত কু–প্ৰভাৱ পৰিল বুলি উল্লেখ কৰিছে বহুতে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি