• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • ‘মই দেখোন টকলা হৈ যাম!’...চুলি কটাবলৈ গৈ আকৌ অগণন সমস্যা কণমানিৰ, ভাইৰেল নতুন VIDEO

‘মই দেখোন টকলা হৈ যাম!’...চুলি কটাবলৈ গৈ আকৌ অগণন সমস্যা কণমানিৰ, ভাইৰেল নতুন VIDEO

ইয়াৰ পূৰ্বে একে ধৰণৰ ভিডিওটোত কণমানি অনুশ্ৰুতে মুখ ফুলাই চুলি কাটিবলৈ আপত্তি কৰিছিল।

ইয়াৰ পূৰ্বে একে ধৰণৰ ভিডিওটোত কণমানি অনুশ্ৰুতে মুখ ফুলাই চুলি কাটিবলৈ আপত্তি কৰিছিল।

ইয়াৰ পূৰ্বে একে ধৰণৰ ভিডিওটোত কণমানি অনুশ্ৰুতে মুখ ফুলাই চুলি কাটিবলৈ আপত্তি কৰিছিল।

  • Share this:
নাগপুৰঃ নৱেম্বৰ মাহত নিশাটোৰ ভিতৰতে ভাইৰেল হৈছিল নাগপুৰৰ বাসিন্দা কণমানি অনুশ্ৰুত। কাৰণ আছিল চুলি কটাবলৈ লৈ ইটোৰ পিছত সিটো আপত্তি প্ৰদৰ্শন। অনুশ্রুতৰ পিতৃ অনুপ পেটকাৰে পোষ্ট কৰা ভিডিও লক্ষ লক্ষ বাৰ ভিউ হৈছিল ছচিয়েল মিডিয়াত।

এইবাৰ আকৌ ভাইৰেল হ’ল কণমানিটিৰ এটি নতুন ভিডিও। অনুশ্রুতৰ চুলি কটোৱাৰ নতুন ভিডিও দেখিল হাঁহি উঠিব আপোনাৰ। মুখ ফুলাই থাকিও ক্ষৌৰকৰ্মীগৰাকীৰ সৈতে কথা পাতিবলৈ এৰা নাই কণমানিয়ে। এইবাৰো চুলি কটাবলৈ অকণো ইচ্ছা নাই অনুশ্ৰুতৰ। প্ৰথমেই কৈ দিলে, '' ভাল লগা নাই'! ক্ষৌৰকৰ্মীক ক’লে, '' তোমাৰ নখ আছে, মই তোমাক নখেৰে আঁচুৰি দিম!'' শেষত মূৰৰ এটা অংশত চুলি কাটোতে কণমানিৰ চিৎকাৰ, '' টাকলু হৈ যাম!''


কেইটামান ঘণ্টাৰ ভিতৰতে ভিডিওটোৰ কেবা হাজাৰ ভিউ হয়।
First published: