• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Kareena Kapoor Khan, Taimur, Jehangir : কৰীণা কাপুৰ খানৰ পুত্ৰ টাইমূৰ আৰু জাহাংগীৰৰ  সম্পৰ্ক আছে নোবেল বিজয়ী কবিগুৰু ৰবীন্দ্ৰ নাথৰ সৈতে, জানেনে আপুনি

Kareena Kapoor Khan, Taimur, Jehangir : কৰীণা কাপুৰ খানৰ পুত্ৰ টাইমূৰ আৰু জাহাংগীৰৰ  সম্পৰ্ক আছে নোবেল বিজয়ী কবিগুৰু ৰবীন্দ্ৰ নাথৰ সৈতে, জানেনে আপুনি

কৰিশ্মা কাপুৰ হৈছে কাপুৰ পৰিয়ালৰ প্ৰথম কন্যা যি বলীউডত প্ৰবেশ কৰিছিল তাৰ পিছত ২০০০ চনত ৰিফিউজী চিনেমাখনেৰে বলীউডত প্ৰবেশ কৰিছিল কৰীণা কাপুৰে।

কৰিশ্মা কাপুৰ হৈছে কাপুৰ পৰিয়ালৰ প্ৰথম কন্যা যি বলীউডত প্ৰবেশ কৰিছিল তাৰ পিছত ২০০০ চনত ৰিফিউজী চিনেমাখনেৰে বলীউডত প্ৰবেশ কৰিছিল কৰীণা কাপুৰে।

কৰিশ্মা কাপুৰ হৈছে কাপুৰ পৰিয়ালৰ প্ৰথম কন্যা যি বলীউডত প্ৰবেশ কৰিছিল তাৰ পিছত ২০০০ চনত ৰিফিউজী চিনেমাখনেৰে বলীউডত প্ৰবেশ কৰিছিল কৰীণা কাপুৰে।

  • Share this:
বলীউডৰ অভিনেতা কৰীণা কাপুৰ খান আৰু ছইফ আলী খানৰ দ্বিতীয় পুত্ৰ জাহাংগীৰৰ নাম ৰখা হৈছে চতুৰ্থ মোগল সম্ৰাট জাহাংগীৰৰ নামেৰে যি ২২ বছৰ মোগল সাম্ৰাজ্য শাসন কৰিছিল। আনহাতে তেওঁলোকৰ প্ৰথম পুত্ৰ টাইমূৰ (Taimur)ৰ নামটো ৰখা হৈছিল ১৪ শতিকাত ভাৰত আক্ৰমণ কৰা তুৰ্কীৰ শাসক টাইমূৰৰ নামত।

টাইমূৰৰ নামকৰণৰ সময়ত দেশজুৰি বিতৰ্ক হৈছিল আৰু একেদৰেই দ্বিতীয় পুত্ৰ জাহাংগীৰ আলী খান (Jehangir Ali Khan)ৰ নামকৰণতো হৈছে প্ৰতিক্ৰিয়া। কিন্তু এইটো সচা যে জাহাংগীৰ আলী খানৰ মহান মোগল সম্ৰাট মহামতি আকবৰ (Emperor Akbar)ৰ সৈতে আছে সম্পৰ্ক আৰু তেওঁৰ সম্পৰ্ক আছে ভাৰতৰ প্ৰথম নোবেল বিজয়ী কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ (Rabindranath Tagore)ৰ সৈতে।

১৯৬০ চনত মুক্তি পোৱা মোগল এ আজম (Mughal-e-Azam)ত ছলিম (যি পিছলৈ জাহাংগীৰ নামেৰে জনাজাত হৈছিল) আৰু অনাৰকলিৰ প্ৰেমক লৈ পিতৃ তথা সম্ৰাট আকবৰৰ সৈতে হোৱা মতভেদৰ কাহিনীৰে সম্পৃক্ত।

পৃথিৰাজ কাপুৰে আকবৰৰ আৰু দিলীপ কুমাৰে ছলিম তথা জাহাংগীৰৰ চৰিত্ৰত অভিনয় কৰিছিল। সেয়ে জাহাংগীৰ আলী খান আৰু আকবৰৰ মাজত আছে এটা ফিল্মী সম্পৰ্ক!

কৰীণা কাপুৰ হৈছে ভাৰতৰ ছবি জগতৰ প্ৰথম পৰিয়ালৰ কন্যা। কৰীণাৰ পিতৃ ৰণধীৰ কাপুৰ আছিল ৰাজ কাপুৰৰ পুত্ৰ আৰু ৰাজ কাপুৰ আছিল পৃথিৰাজ কাপুৰৰ পুত্ৰ।
ৰণধীৰ কাপুৰে অভিনেত্ৰী ববিতাক বায়া কৰাইছিল আৰু আৰু তেওঁলোকৰ দুই কন্যা হ'ল কৰীণা আৰু কৰিশ্মা কাপুৰ। কৰিশ্মা কাপুৰ হৈছে কাপুৰ পৰিয়ালৰ প্ৰথম কন্যা যি বলীউডত প্ৰবেশ কৰিছিল তাৰ পিছত ২০০০ চনত ৰিফিউজী চিনেমাখনেৰে বলীউডত প্ৰবেশ কৰিছিল কৰীণা কাপুৰে।

কৰীণা কাপুৰে ছইফ আলী খান (Saif Ali Khan)ক বিয়া কৰাইছিল। ছইফ আলী খান হৈছে একালৰ বিখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰৰ পুত্ৰ। শৰ্মিলা ঠাকুৰৰ আইতাক লতিকা ঠাকুৰ আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভাতৃ দ্বিজেন্দ্ৰনাথৰ নাতি। সেয়ে টাইমূৰ আৰু জাহাংগীৰ সম্পৰ্ক আছে ভাৰতীয় চিনেমা জগতৰ পুৰোধা পৃথিৰাজ কাপুৰ আৰু ভাৰতৰ অমৰ পুৰুষ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সৈতে ।
Published by:Manjumoni Borah
First published: