এই কাৰণে বাৰে বাৰে TROLL হৈছে তাপছি পান্নু, কংগনা ৰাণাৱটেও কৰিলে টুইটাৰত ঠাট্টা

তাপছি পান্নুৱে (Taapsee Pannu) বৰ্তমান নিজৰ বহু প্ৰত্যাশিত ছবি ‘ৰশ্মি ৰকেট’ৰ (Rashmi Rocket) শ্বুটিঙত যথেষ্ট ব্যস্ত।
তাপছি পান্নুৱে (Taapsee Pannu) বৰ্তমান নিজৰ বহু প্ৰত্যাশিত ছবি ‘ৰশ্মি ৰকেট’ৰ (Rashmi Rocket) শ্বুটিঙত যথেষ্ট ব্যস্ত।
- News18 Assam
- Last Updated: January 11, 2021, 1:15 PM IST
It is functionality, not glamour, that appeals to @taapsee. "I love dressing up, but comfort and ease of movement are vital. No pencil skirts, but shorts or saris for me. No sedans, but an SUV instead," she reveals.
_________________________________ pic.twitter.com/sHGPWgv5ns
— ELLE India (@ELLEINDIA) January 8, 2021
সাধাৰণ ৰাইজৰ লগতে তাপছি পান্নুক ট্ৰ’ল কৰাসকলৰ মাজত আছে বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটো। দৰাচলতে এই গোটেই বিষয়টো তাপছি আৰু কংগনাৰ সৈতে জৰিত। যোৱা ৮জানুৱাৰীত তাপছি পান্নুৱে এলি (ELLE) মেগাজিনৰ দ্বাৰ কৰোৱা ফটোশ্বুটত নিজৰ কিছু ছবি টুইটাৰত ৰিটুইট কৰিছিল। যিসমূহ ছবিৰ মাজত এখনক মানুহে কংগনা ৰাণাৱটৰ কপি আখ্যা দিয়ে।
Monkey see, monkey copy sasta Monkey sees, copies n looks more sasta Monkey... https://t.co/g3LoWI7i8t
— Arzi (@Arzitasingh07) January 9, 2021
এজন ব্যৱহাৰকাৰীয়ে তাপছি পান্নুৰ ছবিক কংগনাৰ এখন ফটোৰ সৈতে টুইট কৰি লিখে, ‘তাপছিয়ে হাজাৰ বাৰ কংগনাৰ কপি কৰিছে।’ ইয়াৰ পিছতে অন্যান্য সকলেও কমেণ্ট কৰা আৰম্ভ কৰে।
এই কথা–বতৰাত কংগনা ৰাণাৱটো নামি পৰে আৰু টুইট কৰি ধেমালি কৰে। কংগনাই লিখে, ‘হা হা, মই খুব সুখী, তেওঁৰ সম্পূৰ্ণ অস্তিত্ব মোক অধ্যয়ন কৰা কপি কৰাক লৈ গঢ় লোৱা। এইটো যথেষ্ট প্ৰভাৱিত কৰা বিধৰ কাণ্ড। মোৰ নিচিনাকৈ কোনো ফিমেল চুপাৰষ্টাৰে পপ কালছাৰক আগুৱাই লৈ অহা নাছিল। মিষ্টাৰ বচ্চনৰ পিছত সকলোতকৈ অধিক কপি মোৰেই কৰা হয়।’