உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • lifestyle
    • »
    • Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতলৈ অভিনৱ শ্ৰদ্ধাঞ্জলি অসমৰ শিল্পীৰ ৷ নেইল আৰ্টেৰে আঁকিলে সুশান্তৰ চালে চকু ৰোৱা ছবি।

    Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতলৈ অভিনৱ শ্ৰদ্ধাঞ্জলি অসমৰ শিল্পীৰ ৷ নেইল আৰ্টেৰে আঁকিলে সুশান্তৰ চালে চকু ৰোৱা ছবি।

    সুশান্ত সিং ৰাজপুত (২১ জানুৱাৰী, ১৯৮৬-১৪ জুন ২০২০)

    সুশান্ত সিং ৰাজপুত (২১ জানুৱাৰী, ১৯৮৬-১৪ জুন ২০২০)

    ৩১ হাজাৰ গজালৰে সুশান্ত সিং ৰাজপুতৰ চিত্ৰ প্ৰস্তুত কৰি অভিনেতাজনক স্মৰণ শিল্পী সৌৰভ মণ্ডলৰ ৷

    • Share this:
    আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajput)ৰ প্ৰথম মৃত্যু বাৰ্ষিকী ৷ কেইবাখনো জনপ্ৰিয় চলচ্চিত্ৰৰ অভিনেতা ৰাজপুতে আজিৰ দিনটোতে  অনাকাংক্ষিতভাৱে আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰাই গৈছিল ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত বাসুগাঁৱৰ চিত্ৰশিল্পী সৌৰভ মণ্ডলে ব্যতিক্ৰমীভাৱে স্মৰণ কৰfns অভিনেতাজনক ৷

    গজালৰ সহায়ত সৌৰভে প্ৰস্তুত কৰিলে সুশান্ত সিং ৰাজপুতৰ চিত্ৰ ৷ ৩১ হাজাৰ গজালৰ সহায়ত প্ৰায় ছল্লিচ ঘণ্টাৰ কষ্টৰে সৌৰভে প্ৰয়াত অভিনেতাজনৰ চিত্ৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে ৷



    দৈনিক পাঁচ ঘন্টাকৈ আঠ দিনৰ মূৰত ৰাজপুতৰ চিত্ৰখন নিৰ্মাণ কৰে চিত্ৰশিল্পীজনে ৷ প্ৰতিভাৱান জনপ্ৰিয় অভিনেতাজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যেৰে চিত্ৰ শিল্পীজনে নেইল আৰ্ট (nail art)ৰ জৰিয়তে এইদৰে ব্যতিক্ৰমী প্ৰয়াস কৰে ৷

    ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ বাণিজ্য শাখাৰ স্নাতকোত্তৰ শাখাৰ ছাত্ৰ সৌৰভে মূখত তুলিকা লৈ ওলোটাকৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ ছবি অংকন কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
    Published by:Manjumoni Borah
    First published: