এই ৰূপত সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে, ভাইৰেল হৈ পৰিল ভিডিঅ’

News18 Assam | News18-Assam
Updated:September 14, 2020, 2:49 PM IST
এই ৰূপত সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে, ভাইৰেল হৈ পৰিল ভিডিঅ’
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

  • News18 Assam
  • Last Updated: September 14, 2020, 2:49 PM IST
  • Share this:
ৰিয়াৰ সমৰ্থনত মুখ খুলিছে ফাৰহান আখতাৰৰ বান্ধবী শিৱাণী দাণ্ডেকৰে। মন্তব্য কৰিছিল অংকিতা লোখণ্ডেৰ সম্পৰ্কতো। এই কথাৰ উত্তৰো দিছিল অংকিতাই। জামিন আবেদন খাৰিজ হোৱাৰ পিছত এতিয়া ১৪ দিন কাৰাগাৰতে কটাব লাগিব ৰিয়া চক্ৰবৰ্তীয়ে। ৰিয়া চক্ৰবৰ্তী গ্ৰেপ্তাৰ হোৱাৰ পিছত সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে পুনৰ সৰব হৈ পৰিছে ছচিয়েল মিডিয়াত।

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত লিখিছে যে, মই মিডিয়াৰ আগত কেতিয়াও কোৱা নাই যে, সুশান্তক হত্যা কৰা হৈছে! মই কেৱল সুশান্তৰ বাবেই ন্যায় বিচাৰিছিলো। তেওঁৰ পৰিয়ালৰ কাষত আছিলো। মই কেনেকৈ জনাম, সেয়া যে হত্যাকাণ্ড আছিল! মোৰ চিবিআই আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ ওচৰত বিশ্বাস আছে।’ এই পোষ্ট শ্বেয়াৰ কৰি তেওঁ লগতে লিখিছিল যে, ‘২০১৬ চনলৈকে সুশান্তৰ মানসিক অৱস্থা কেনেকুৱা আছিল, মই খিনি কথাহে ক’ব খুজিছিলো। সুশান্তই সকলোৰে আগত কৈছিল যে, তেওঁৰ ডিপ্ৰেশ্যন হৈছে।’ নাম নোলোৱাকৈয়ে অংকিতাই কয় যে, অৱসাদ আছে বুলিয়েই ড্ৰাগছ খাবলৈ দিন নেকি? এয়া কেনেধৰণৰ ভালপোৱা?’

এই পোষ্ট শ্বেয়াৰ হোৱাৰ পিছতে ভাইৰেল হৈ পৰে। ইয়াৰ লগে লগে শিৱাণীয়ে অংকিতাক উদ্দেশ্য কৰি কয় যে, অংকিতাই ২ ছেকেণ্ডতে ফেমাছ হ’ব বিচাৰিছে। শিৱাণীয়ে লগতে লিখে যে, এজন ৩৪ বছৰৰ পুৰুষে নিছা সেৱন কৰিছে । আৰু সেই দোষ এগৰাকী ২৮ বছৰীয়া যুৱতীৰ ওপৰত জাপিছে। সঁচাকৈ এতিয়াও সমাজত পুৰুষে কৰা দোষৰ বাবে মহিলাকে জগৰীয়া কৰে।’

কিন্তু এইখিনি সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে অভিনেত্ৰী অংকিতা লোখণ্ডেৰ বিশেষ ভিডিঅ’। বৰ্তমানৰ প্ৰেমিক ভিকি জৈনৰ সৈতে বিশেষ মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈছে অংকিতাৰ।









View this post on Instagram





#ankitalokhande with #vickyjain ❤️❤️ at a wedding of a friend


A post shared by Viral Bhayani (@viralbhayani) on






এজন বন্ধুৰ অনুষ্ঠানত দুয়োকে একেলগে নৃত্য কৰা দেখা গৈছিল। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Published by: Himangshu Bhuyan
First published: September 14, 2020, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading