মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অসমৰ অন্যতম নাট্যদল ‘সূৰ্যোদয় নাট্যগোষ্ঠী’

আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অসমৰ অন্যতম নাট্যদল ‘সূৰ্যোদয় নাট্যগোষ্ঠী’

Sanjay Kumar Das | News18-Assam
Updated:September 14, 2021, 12:14 PM IST
আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অসমৰ অন্যতম নাট্যদল ‘সূৰ্যোদয় নাট্যগোষ্ঠী’
বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ দলটোৱে অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰযোজক ৰণদ্বীপ পাটোৱাৰীয়ে।

বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ দলটোৱে অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰযোজক ৰণদ্বীপ পাটোৱাৰীয়ে।

  • News18 Assam
  • Last Updated: September 14, 2021, 12:14 PM IST
  • Share this:
বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অসমৰ বিভিন্ন প্ৰান্তত নাট প্ৰদৰ্শনেৰে আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে অসমৰ অন্যতম নাট্যদল ‘সূৰ্যোদয় নাট্যগোষ্ঠী’। কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত মকুণ্ডপুৰস্থিত নাট্য গোষ্ঠীটোৱে এইবাৰ ভৰি দিছে অষ্টম বৰ্ষত। নাট্য দলটোৱে এইবাৰ মঞ্চলৈ লৈ আহিব দুখনকৈ আকৰ্ষণীয় নাট উগ্ৰ মেনাৰ ‘ইজ্জত’ আৰু শৰৎ ডেকাৰ ‘মৰুভূমিত মৰমৰ বৰষুণ’। সোমবাৰে নাট্য দলটোৱে শুভাৰম্ভ কৰে আখৰাৰ।

বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ দলটোৱে অধিক আকৰ্ষণীয় ৰূপত আত্মপ্ৰকাশ কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰযোজক ৰণদ্বীপ পাটোৱাৰীয়ে। কোভিডসৃষ্ট পৰিস্থিতিৰ বাবে বিগত বৰ্ষটোক বাদ দি ছটা বছৰে ৰাজ্যৰ বিভিন্ন স্থানত নাট প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে নাট্য দলটোৱে।

‘সূৰ্যোদয়’ৰ নাট দুখন পৰিচালনা কৰিব সুদক্ষ নাট পৰিচালক ড০ নৃপেন্দ্ৰনাথ তালুকদাৰে। সংগীতেৰে সজাব অঞ্জনজ্যোতিয়ে। এইবেলি সূৰ্যোদয়ৰ মঞ্চত অভিনয় কৰিবলৈ সাজু হৈছে বিশিষ্ট অভিনেতা শৰৎ ডেকা, লজিক শৰ্মা, দীপক দাস, নিলাক্ষী পাটোৱাৰী, অচ্যুত ৰাজবংশী, দিগন্ত ডেকা, ৰণদ্বীপ, প্ৰাণজিৎ পাটোৱাৰী, ভাৰ্গৱ ডেকা, হিতৰাম পাটোৱাৰী, ধৰিত্ৰী পাটোৱাৰী, মৃদুলা ডেকা, ৰাকেশ শৰ্মাৰ লগতে এদল নাট্য সৈনিকে। দলটোৰ সম্পাদকৰ দায়িত্বত আছে লজিক শৰ্মা।

সোমবাৰে আখৰা শিবিৰ মুকলি কৰে অভিনেতা–পৰিচালক সঞ্জীৱ ভাগৱতীয়ে। সূৰ্যোদয়ৰ বেনাৰ উন্মোচন কৰে উমেশ ডেকাই। পাণ্ডুলিপি উন্মোচন কৰে পংকজ ভট্টই আৰু মঞ্চ মুকলি কৰে প্ৰদীপ পাটোৱাৰীয়ে। দলটোৰ প্ৰতিষ্ঠাপক প্ৰযোজক লোকনাথ পাটোৱাৰীৰ লগতে দলটোৰ অভিনেতা–অভিনেত্ৰী তথা কলা–কুশলীসকল উপস্থিত থাকে এই অনুষ্ঠানত।
Published by: Sanjay Kumar Das
First published: September 14, 2021, 12:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি