• Home
  • »
  • News
  • »
  • lifestyle
  • »
  • Super Dancer Chapter 4: শিল্পা ছেট্টীৰ ঠাই পূৰাবলৈ আহিল কৰিশ্মা কাপুৰ, ফেকুৰি ফেকুৰি টুকিলে চকু পানী...

Super Dancer Chapter 4: শিল্পা ছেট্টীৰ ঠাই পূৰাবলৈ আহিল কৰিশ্মা কাপুৰ, ফেকুৰি ফেকুৰি টুকিলে চকু পানী...

ছনি টিভি(Sony TV)ৰ জনপ্ৰিয় ডান্সিং ৰিয়েলিটী শ্বো 'ছুপাৰ ডান্সাৰ ছেপ্তাৰ-৪' (Super Dancer Chapter 4)ত শনিবাৰে শিল্পা ছেট্টী (Shilpa Shetty)ৰ ঠাইত কৰিশ্মা কাপুৰ(Karishma Kapoor)ক দেখা যায়।

  • Share this:
ছনি টিভি(Sony TV)ৰ জনপ্ৰিয় ডান্সিং ৰিয়েলিটী ছো 'ছুপাৰ ডান্সাৰ ছেপ্তাৰ-4' (Super Dancer Chapter 4) ত শনিবাৰে শিল্পা ছেট্টী (Shilpa Shetty)ৰ "ঠাইত কৰিশ্মা কাপুৰ(Karishma Kapoor)ক দেখা যায়। অলপতে সংগীতৰ ৰিয়েলিটী শ্বো 'ইণ্ডিয়ান আইডল-১২' (Indian Idol-12)তো কৰিশ্মাক দেখা গৈছিল। 'কৰিশ্মা স্পেছিয়েল' থীমৰ ওপৰত কৰিশ্মাৰ ফিল্মৰ গান গাই প্ৰতিযোগী সকলে অভিভূত কৰি তুলিছিল। কৰিশ্মাই এই সূযোগতে চিনেমাবোৰৰ ছুটিঙৰ সময়ত হোৱা অভিজ্ঞতা কিছুমান ছেয়াৰ কৰি খুউব আনন্দ কৰিছিল।

যিহেতু এতিয়া শিল্পা ছেট্টীয়ে তেওঁৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিবাদত সাঙোৰ খাই পৰাৰ বাবে শ্বোৰ পৰা অব্যাহতি লোৱাত কৰিশ্মা কাপুৰক তেওঁৰ ঠাইত স্থলাভিষিক্ত কৰিছে। এটা প্ৰ'ম'ত এজন প্ৰতিযোগীৰ লগত 'আনাড়ী' চিনেমাৰ 'ফুলো চা চেহৰা তেৰা' গানটোত নৃত্য কৰা দেখা গৈছে। এই গানটোৰ জড়িয়তে কৰিশ্মা কাপুৰৰ শৈশৱৰ পৰা এতিয়ালৈকে জীৱন যাত্ৰাৰ এক পৰিক্ৰমা দেখুওৱা হয়। ইয়াকে দেখি কৰিশ্মাই নিজৰ চকু পানী ধৰি ৰাখিব নোৱাৰিলে। কৰিশ্মাই কয়, 'মই বৰ আবেগিক হৈ পৰিছোঁ,  এয়া মোৰ কাৰণে বহুত স্পেচিয়েল, থেংক ইউ।'

'ছুপাৰ ডান্সাৰ চেপ্তাৰ-4' ৰ শেহতীয়া এপিছোডত কৰিশ্মাই তেওঁৰ নিজৰ চিনেমাৰ লগত জড়িত কিছুমান ৰোমাঞ্চকৰ ঘটনা কোৱা দেখা যায়। কৰিশ্মাৰ লগত প্ৰথমৰ দৰেই ফিল্ম প্ৰডিউচাৰ অনুৰাগ বাসু আৰু ক'ৰিঅগ্ৰাফাৰ গীতা কাপুৰ বিচাৰকৰ আসনত থাকিব। ক'লা আৰু সোণালী ৰঙৰ এটা সুন্দৰ সাজত কৰিশ্মাক অতি মোহময়ী ৰূপত দেখা গৈছে। তেওঁ সকলোৰে লগত 'তাক ঘুম-তাক ' গানটোত নচা দেখা যায়।
Published by:Manjumoni Borah
First published: