মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»৬ বছৰীয়া ৰূপসাৰ শিৰত Super Dancer 3ৰ মুকুট, ১৫ লাখৰ পুৰস্কাৰ ৰূপসালৈ

৬ বছৰীয়া ৰূপসাৰ শিৰত Super Dancer 3ৰ মুকুট, ১৫ লাখৰ পুৰস্কাৰ ৰূপসালৈ

News18-Assam
Updated:June 24, 2019, 9:22 AM IST
৬ বছৰীয়া ৰূপসাৰ শিৰত Super Dancer 3ৰ মুকুট, ১৫ লাখৰ পুৰস্কাৰ ৰূপসালৈ
Super Dance 3ৰ Top-5ত থমকিল অসমৰ জয়শ্ৰী গগৈ, কিন্তু জয়শ্ৰীয়ে জিনিলে সকলোৰে হৃদয়।

Super Dance 3ৰ Top-5ত থমকিল অসমৰ জয়শ্ৰী গগৈ, কিন্তু জয়শ্ৰীয়ে জিনিলে সকলোৰে হৃদয়।

  • Share this:
সৰু পৰ্দাত বিগত ছমাহ ধৰি দৰ্শকক মনোৰঞ্জন যোগাই অহা ৰিয়েলিটী শ্ব’ Super Dancer 3ৰ গ্ৰেণ্ড ফিনালে দেওবাৰে অনুষ্ঠিত হৈ যায়। এই দিনটোলৈ দীৰ্ঘদিন ধৰি অপেক্ষা কৰিছিল দৰ্শকে। অৱশেষত আহিল সেই ক্ষণ। নিজৰ প্ৰতিভাৰে দৰ্শকক আচৰিত কৰি তোলা কণমানি ৰূপসাই জিনিলে Super Dancer 3ৰ চূড়ান্ত বিজয়ীৰ খিতাপ।

ট্ৰফীৰ লগতে ৰূপসাই লাভ কৰিলে ১৫ লাখ টকাৰ চেক। এই শ্ব’ত ৰূপসাই ছুপাৰ গুৰু নিশান্ত ভট্টৰ প্ৰশিক্ষণত আছিল। প্ৰতিটো খণ্ডতে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ৰূপসাই। জনতাৰ সৰ্বাধিক ভোট লাভ কৰি ৰূপসাই জিনিলে Super Dancer 3ৰ খিতাপ।



ৰূপসাই ভিন ভিন নৃত্য ভংগীমাৰে দৰ্শকৰ আপোন হৈ পৰিছিল। ইয়াৰ সম্পূৰ্ণ কৃতিত্ব ছুপাৰ গুৰু নিশান্তৰ। কিয়নো, নিশান্তে ৰূপসাক শিকাইছিল সকলো ধৰণৰ ভংগীমা। সাধাৰণ দৰ্শকৰ লগতে বলীউদ অভিনেত্ৰী ৰেখা, শিল্পা শেট্টী, কেটৰিনা কাঈফ, আলিয়া ভাটো ৰূপসাৰ অনুৰাগী হৈ পৰিছিল।



এই সন্মানীয় ৰিয়েলিটী শ্ব’ত প্ৰথম ৰানাৰ–আপৰ খিতাপ লাভ কৰে তেজশ বাৰ্মাই। শ্ব’ত শীৰ্ষ ৫ত প্ৰৱেশ কৰা প্ৰতিগৰাকী প্ৰতিযোগীক ল’টাছৰ ফালৰ পৰা এক লাখ আৰু ছনী চেনেলৰ ফালৰ পৰাও এক লাখ টকাকৈ আগবঢ়োৱা হয়। শীৰ্ষ ৫ত আছিল অসমৰ জয়শ্ৰী গগৈয়ো।
First published: June 24, 2019, 9:22 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি