ছানী লিয়নীয়ে শ্বেয়াৰ কৰিছে ফোন নম্বৰ, এতিয়া দিনে আহিছে পাঁচ শতাধিক ফোন কল!

News18-Assam
Updated:August 2, 2019, 4:27 PM IST
ছানী লিয়নীয়ে শ্বেয়াৰ কৰিছে ফোন নম্বৰ, এতিয়া দিনে আহিছে পাঁচ শতাধিক ফোন কল!
source-Google

অভিনেত্ৰী ছানী লিয়নীৰ অনুৰাগীৰ কাৰণে এতিয়া বিশেষ অসুবিধাত পৰিছে দিল্লীৰ এগৰাকী ব্যক্তি!

  • Share this:
অভিনেত্ৰী ছানী লিয়নীৰ ফোন নম্বৰ কাক নালাগে! কেতিয়াবা অভিনেত্ৰীগৰাকীক ৰাজপথত দেখিলেই ভিৰ কৰে হাজাৰ হাজাৰ অনুৰাগীয়ে। অভিনেত্ৰীগৰাকীৰ লাখ লাখ অনুৰাগীৰ আশা এবাৰ ছানী লিয়নীক ওচৰৰ পৰা লগ পোৱাৰ! তাতে আকৌ এইবাৰ অভিনেত্ৰী ছানী লিয়নীয়ে সকলোৰে আগত শ্বেয়াৰ কৰিছে নিজৰ ফোন নম্বৰ!



বলীউডৰ সদ্য মুক্তিপাপ্ত  ছবি অৰ্জুন পাটিয়ালাৰ এটা দৃশ্যত  ছানী লিয়নীয়ে শ্বেয়াৰ কৰিছে নিজৰ ফোন নম্বৰ, কিন্তু ছানীয়ে শ্বেয়াৰ কৰা ফোন নম্বৰে ছানী লিয়নীক অসুবিধাত পেলোৱা নাই, অসুবিধাত পেলাইছে দিল্লীৰ এগৰাকী ব্যক্তিক! আহিছে প্ৰতিদিনে ৫০০ ৰো অধিক ফোন কল।



ছানী লিয়নী এতিয়া ব্যস্ত নিজৰ নৱতম ছবি অৰ্জুন পাতিয়ালাৰ প্ৰচাৰত। ছবিখনৰ এটা ডাইলগত ছানী লিয়নীয়ে এটা ফোন নম্বৰ শ্বেয়াৰ কৰে। কিন্তু প্ৰকৃততে সেই ফোন নম্বৰটো দিল্লীৰ পীতমপুৰৰ মৌয্য এনক্লেৱত বাস কৰা পুনিত আগৰৱাল নামৰ এগৰাকী ব্যক্তিৰ। কিন্তু ছানী লিয়নীয়ে লোকজনৰ ফোন নম্বৰটো নিজৰ ফোন নম্বৰ বুলি শ্বেয়াৰ কৰাৰ পিছতে এতিয়া অসুবিধাত পৰিছে লোকজন। এতিয়া লোকজনলৈ ফোন কৰি অসংখ্য জনে বিচাৰিছে ছানী লিয়নীক, কিছু সংখ্যকে দিছে অশ্লীল প্ৰস্তাৱ। প্ৰতিদিনে আহিছে ৫০০ৰো অধিক ফোনকল। ফলত এতিয়া সমস্যাত পৰিছে পুনিত আগৰৱালৰ পৰিয়াল।



এই বিষয়ে পুনিত আগৰৱালে কয় যে– ২৬ জুলাইত ছবিখনে মুক্তি পোৱাৰ পিছত মোলৈ অভিনেত্ৰী ছানী লিয়নীক বিচাৰি এটা ফোন কল আহে, মই ভাবিলো মোক হয়তো কোনোবাই প্ৰেংক কল কৰিছে! কিন্তু পিছত মই জানিবলৈ পাঁও যে ছবিখনত ছানী লিয়নীয়ে তেঁওৰ ফোন নম্বৰ বুলি মোৰ ফোন নম্বৰতো কৈছে।’



পুনিতে লগতে কয় যে ‘ এতিয়া ছানী লিয়নীক বিচাৰি দিনটোত প্ৰায় ৫০০ ৰো অধিক ফোন কল আহে, মই ফোন নম্বৰটো ছানীৰ নহয় বুলি কলেই মোক অশ্লীল ভাষাৰে গালি পাৰে। ইতিমধ্যে এই বিষয়ে মই আৰক্ষীৰো কাষ চাপিছে। কিন্তু এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই।’
First published: August 2, 2019, 4:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি