বলীউডত ২৭ বছৰ অতিক্ৰম কৰিলে কিং খানে

২৭ বছৰীয়া সোনোৱালী যাত্ৰাত ঘটিল বহু উত্থান–পতন, তাৰ মাজতেই শ্বাহৰূখ খানে দৰ্শকক দিলে ৭০ খনৰো অধিক ছবি

News18-Assam
Updated:July 1, 2019, 12:28 PM IST
বলীউডত ২৭ বছৰ অতিক্ৰম কৰিলে কিং খানে
২৭ বছৰীয়া সোনোৱালী যাত্ৰাত ঘটিল বহু উত্থান–পতন, তাৰ মাজতেই শ্বাহৰূখ খানে দৰ্শকক দিলে ৭০ খনৰো অধিক ছবি
News18-Assam
Updated: July 1, 2019, 12:28 PM IST
বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানে বলিউডত অতিক্ৰম কৰিলে ২৭ টা সোনোৱালী বৰ্ষ। বহু উত্থান পতনৰ মাজেৰে আহি আহি অভিনেতা শ্বাহৰুখ খানে কেৱল বলিউডতে সীমাৱদ্ধ নাথাকি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাভ কৰিলে অজস্ৰ সন্মান, অসংখ্য গুণমুদ্ধ।পৰিগণিত হ’ল Global Superstar হিচাপে। আজি শ্বাহৰুখ কানৰ ছবিয়ে ভাৰতৰ যিমান সমাদৰ লাভ কৰে সিমান খিনি সমাদৰ বিভিন্ন প্ৰান্তৰ পৰাও লাভ কৰা দেখা যায়।

দিৱানা ছবিৰে বলিউডত অভিষেক ঘটা শ্বাহৰুখ খানৰ অভিনয় জীৱনৰ অন্যতম টাৰ্ণিং পইণ্ট আছিল ‘দিলৱালে দুলহনীয়া লে জায়েংগে’।


ইয়াৰ পিছৰ পৰা আৰু শ্বাহৰুখ খানে এবাৰো পিছলৈ ঘূৰি চোৱা নাই, কেৱল দৰ্শকক উপহাৰ দিছে ইখনৰ পিছত সিখন ছুপাৰহিট ছবি।


শ্বাহৰুখৰ কেৰিয়াৰৰ কেইখন মান উল্লেখযোগ্য ছবি হ’ল কৰণ–অৰ্জুন, কভি খুচি কভি গম, ম্যে হ্য’ না, মাই নেম ইজ খান, দেৱদাস, কল হ্যু না হ্যু, বীৰ–ঝাৰা, ডন,চক দ্যে ইণ্ডিয়া, চেন্নাই এক্সপ্ৰেছ ইত্যাদি।


শ্বাহৰুখ খানে এতিয়ালৈকে অভিলেখ সংখ্যক ১৪ বাৰ ফ্লিম ফেয়াৰ এৱাৰ্ড জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেইদৰে ভাৰতীয় ছবিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৫ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰা হয়


ছচিয়েল মিডিয়াত শ্বাহৰুখ খানৰ আছে ৰেকৰ্ড সংখ্যক অনুৰাগী। সেইদৰে আইপিএলৰ কলকাতা নাইট ৰাইডৰ্ছ দলৰো অন্য়তম স্বত্বাধীকাৰী শ্বাহৰুখ খান।
আৰু চাওক পৰৱৰ্তী বাতৰি