দূৰ্ঘটনাৰ বলি নহয় হত্যা কৰা হৈছিল শ্ৰীদেৱীক! IPS বিষয়াৰ দাবী প্ৰমাণ থকাৰ

news18assam
Updated:July 12, 2019, 5:39 PM IST
দূৰ্ঘটনাৰ বলি নহয় হত্যা কৰা হৈছিল শ্ৰীদেৱীক! IPS বিষয়াৰ দাবী প্ৰমাণ থকাৰ
ফটো উৎসঃইণ্টাৰনেট
news18assam
Updated: July 12, 2019, 5:39 PM IST
কেৰালাৰ ডিজিপি ঋষিৰাজ সিঙে নিজৰ লগৰ এজন চাৰ্জনৰ কথাৰে এই দাবী কৰিছে। তেওঁ লিখিছে যে এয়া সম্ভৱেই নহয় যে কোনোবা এক ফুট দ’ বাথটাবত ডুবিব পাৰে, কোনোবাই শ্ৰীদেৱীৰ দুয়োটা ভৰি ধৰিছিল তাৰ পিছত তেওঁৰ মুৰটো পানীত ডুবাইছিল।

শ্ৰীদেৱীৰ মৃত্যুক লৈ কেৰালাৰ  আইপিএছ তথা কাৰাগাৰ ডিজিপি ঋষিৰাজ সিঙে এক চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ দাবী যে শ্ৰীদেৱীৰ মৃত্যু বাথটাবত ডুবাৰ ফলত হোৱা নাই, বৰং তেওঁক হত্যা কৰা হৈছে। আইপিএছ বিষয়া ঋষিৰাজ সিঙে নিজৰ এজন চিনাকী চাৰ্জনৰ কথাৰে এই চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁৰ বন্ধু ডাঃ ওমাদাথন এজন বিখ্যাত ফৰেন্সিক চাৰ্জন আছিল। কিছু দিন পূৰ্বে তেওঁৰ মৃত্যু হৈছে।

ডাঃ ওমাদাথনক অপৰাধমূলক বিষয় আৰু বিশেষকৈ হত্যাকাণ্ডৰ ৰহস্য উদঘাটন কৰাৰ ক্ষেত্ৰত আগৰণুৱা বুলি স্বীকৃতি প্ৰদান কৰা হৈছিল। কেৰালা আৰক্ষীয়ে যেতিয়াই হত্যাকাণ্ডৰ ৰহস্য উদঘাটন কৰিব পৰা নাছিল তেতিয়াই ওমাদাথনক মাতি পঠিওৱা হৈছিল। ফৰেন্সিকৰ পণ্ডিত ডাঃ ওমাদাথনৰ মাৰ্ডাৰ মিষ্ট্ৰী সমাধান কৰাৰ ক্ষমতা কেৰালা চৰকাৰেও মানি চলিছিল।

UNIৰ প্ৰতিবেদন অনুসৰি ঋষিৰাজ সিঙে কৈছিল,
মই কৌতুহলবশতঃ মোৰ লগৰ ডাঃ ওমাদাথনক শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত প্ৰশ্ন কৰিছিল। তেওঁৰ উত্তৰে মোক জোকাৰি গৈছিল। তেওঁ কৈছিল যে তেওঁ এই সমগ্ৰ বিষয় যথেষ্ট ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছে। এই ঘটনাৰ তদন্তৰ সময়ত বহুকেইবাৰ পৰিস্থিতি এনে হৈছিল যে এয়া মাত্ৰ এক দূৰ্ঘটনা নাছিল। আনকি তেওঁৰ অনুসন্ধানৰ সময়ত বহুকেইটা প্ৰমাণ পোৱা গৈছিল য’ত শ্ৰীদেৱীৰ মৃত্যু হত্যাকাণ্জ হোৱাৰ পূৰ্ণ আশংকা প্ৰকাশ পাইছিল।


ডিজিপিয়ে মৃত্যু সন্দৰ্ভত লিখিছিল প্ৰৱন্ধ

দৰাচলতে ডিজিপি ঋষিৰাজ সিঙে নিজৰ বন্ধু ডাঃ ওমাদাথনৰ মৃত্যুক লৈ এক প্ৰৱন্ধ লিখিছে, ইয়াত তেওঁ নিজৰ লগৰ চিকিৎসকজনৰ অপৰাধ আৰু মাৰ্ডাৰ মিষ্ট্ৰী সন্দৰ্ভত বহুকেইটা চাঞ্চল্যকৰ বক্তব্য উল্লেখ কৰিছে। ঋষিৰাজ সিঙে লিখিছে,
মোৰ লগৰজনে কৈছিল যে নিশাসক্ত যিকোনো ব্যক্তিয়ে যিকোনো পৰিস্থিতিত মাত্ৰ এফুট দ’ বাথটাবত ডুবি মৰিব নোৱাৰে।


উল্লেখযোগ্য যে বিগত বছৰৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইৰ এখন হোটেলত শ্ৰীদেৱীৰ মৃ্ত্যু হৈছিল। তেতিয়া তেওঁৰ মৃত্যুৰ কাৰণ এক দূৰ্ঘটনা বুলি প্ৰকাশ কৰা হৈছিল। নিচাসক্ত অৱস্থাত বাথটাবত ডুবাৰ ফলত তেওঁৰ মৃত্যু হৈছিল। শ্ৰীদেৱীয়ে নিজৰ পৰিয়ালৰ মোহিত মাৰৱাৰ বিয়াত অংশ ল’বলৈ কিছুদিনৰ বাবে ডুবাইলৈ গৈছিল। সেই সময়ত তেওঁৰ স্বামী বনী কাপুৰো তাত উপস্থিত হৈছিল।

আৰু কোনোবা আছিল নে কি ৰূমত?

ডিজিপিয়ে নিজৰ প্ৰৱন্ধত উল্লেখ কৰিছে যেকোনোবাই শ্ৰীদেৱীৰ ভৰি দুখন জপটিয়াই ধৰাৰ লগতে তেওঁৰ মুৰটো পানীত ডুবোৱাৰ ফলত তেওঁৰ মৃত্যু হয়। কোনোবাই হেঁচা মাৰি নধৰিলে এজন ব্যক্তিৰ মুৰ আৰু ভৰি এটা এক ফুট দ’ বাথটাবত ডুব নাযায়।

শ্ৰীদেৱীৰ মৃত্যুক লৈ হৈছিল বিতৰ্ক, প্ৰমাণৰ অভাৱত কাৰণ জানিব পৰা নগ’ল

শ্ৰীদেৱীৰ মৃত্যুক লৈ সেই সময়ত বিতৰ্কৰ সূত্ৰপাত হৈছিল। প্ৰমাণৰ অভাৱত একো তথ্য উদঘাটন কৰিব পৰা নগৈছিল। তেতিয়া তেওঁৰ মৃত্যুক দূৰ্ঘটনা বুলি উল্লেখ কৰা হৈছিল। প্ৰায় ডেৰ বছৰ পিছত ডিজিপি ঋষিৰাজ সিঙে নিজৰ লগৰ চিকিৎসকজনৰ যুক্তিৰে কোৱা কথাৰ ফলত আকৌ বিতৰ্কৰ সূত্ৰপাত হৈছে।

উল্লেখযোগ্য যে ডিজিপিজনে যিজন বন্ধুৰ প্ৰসংগৰে এই দাবী কৰিছে তেওঁৰ যোৱা বুধবাৰে ৭৩বছৰ বয়সত মৃত্যু হয়। কেৰালাৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। কেৰালাৰ সকলোতকৈ ভৰসাৰ কেছ নিষ্পত্তি কৰা চিকিৎসক আছিল তেওঁ। কেৰালা চৰকাৰ বিভিন্ন কেছ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁৰ সহায় লৈছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি