জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাৰ বিয়া, পিতৃ–মাতৃয়ে পছন্দ কৰিলে দৰা, বিয়া কেতিয়া?

খবৰ অনুসৰি, এগৰাকী ব্যৱসায়ীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব কাজলে। এই ব্যৱসায়ীজনক পছন্দ কৰিছে কাজলৰ পিতৃ–মাতৃয়ে।

News18-Assam
Updated:November 4, 2019, 10:18 AM IST
জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাৰ বিয়া, পিতৃ–মাতৃয়ে পছন্দ কৰিলে দৰা, বিয়া কেতিয়া?
Photo : Instagram
News18-Assam
Updated: November 4, 2019, 10:18 AM IST
শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব দক্ষিণ ভাৰতীয় চিনেমা তথা বলীউদৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালা। শেহতীয়াক এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াক লৈ কেইবাটাও প্ৰশ্নৰ উত্তৰ দিয়ে। সকলোতকৈ আচৰিত কথাটো হ’ল প্ৰেম বিবাহ নহয়, পিতৃ–মাতৃয়ে পছন্দ কৰা ল’ৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব কাজল। সাক্ষাৎকাৰটোত কাজলে কয় যে ২০২০ চনতে আবদ্ধ হ’ব বিবাহপাশত। খবৰ অনুসৰি, এগৰাকী ব্যৱসায়ীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিব কাজলে। এই ব্যৱসায়ীজনক পছন্দ কৰিছে কাজলৰ পিতৃ–মাতৃয়ে।

‘সিংঘম’ ছবিৰ জৰিয়তে বলীউদত পদাৰ্পণ কৰিছিল কাজল আগৰৱালাই। দুবছৰ ধৰি কাজলৰ বিয়াক লৈ চলিছিল ব্যাপক চৰ্চা। কিন্তু কাজলে পূৰ্বেই স্পষ্ট কৰি দিছিল যে ছবিজগতৰ কোনো ব্যক্তিৰ সৈতে বিয়া হোৱাৰ কোনো আকাংক্ষা নাই।




 





View this post on Instagram




 

Witnessing this #symboloflove made me reflect upon this topic, taking this opportunity to share my thoughts : In a culture where we tend to place romantic love on a pedestal, we can easily overlook the dynamic ways to experience love. There's the depth of close friendships, the sense of belonging in a community, the intensity of an artistic practice, a connection to our work, or any experience that provides companionship, support, self-discovery, and even the feelings of both elation and misery. But this isn't the common narrative, so for many single people - me included - we can mistakenly think we're not good enough, or feel incomplete without this one, specific type of love. After many years spent berating my own single status, I could see how carelessly narrow my own view of love had been and how short-sighted it is to view romantic love as a prerequisite to a happy life. For many, being single is not about a lack of options for love, but a choice - a choice to apply a broader definition to love, and see the value in all its forms. (Also, Your happiness depends wholly on you, share that joy and completeness with your partner instead of thrusting the responsibility solely upon them) #enjoyingthesymboloflove #withpeopleilove #myvillage 💕


A post shared by Kajal Aggarwal (@kajalaggarwalofficial) on





দক্ষিণ ভাৰতৰ প্ৰায় সকলোবোৰ তাৰকা অভিনেতাৰ সৈতে কাম কৰিছে কাজলে। কিন্তু কেতিয়াও কোনো অভিনেতাৰ সৈতে কোনো সম্পৰ্ক নাই।



 




View this post on Instagram




 

#sunbeamofthesoul #laughter


A post shared by Kajal Aggarwal (@kajalaggarwalofficial) on





বৰ্তমান দুখনকৈ দক্ষিণ ভাৰতীয় ছবিৰ শ্বুটিঙত ব্যস্ত আছে কাজল। কাজলৰ আহিবলগীয়া ছবি ‘ইণ্ডিয়ান ২’ আৰু ‘মুম্বাই ছাগা’। ইয়াৰ পূৰ্বে কাজলে দাক্ষিণাত্যৰ ছুপাৰষ্টাৰ ৰজনীকান্ত, চিৰঞ্জীৱী, ভেংকটেশ, নাগাৰ্জুন, মহেশ বাবু, ৰবি তেজা, প্ৰভাস, জুনিয়ৰ এনটীআৰ, ৰামচৰণ আদি অভিনেতাৰ সৈতে কাম কৰিছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি