বলীউদ অভিনেত্ৰী দীপিকা পাডুকণ আৰু অভিনেতা ৰণৱীৰ সিঙে শেহতীয়াকৈ উদযাপন কৰিলে নিজৰ বিবাহবাৰ্ষিকী। দুয়ো তিৰুপতি মন্দিৰ আৰু স্বৰ্ণ মন্দিৰ দৰ্শন কৰে। তিৰুপতি মন্দিৰ যোৱাৰ সময়ত ৰণৱীৰ আৰু দীপিকা মুখামুখি হয় বহু অনুৰাগীৰ। তাৰে মাজৰ এগৰাকী অনুৰাগীয়ে ৰণৱীৰক কয় – আই লাভ ইউ।
ইনষ্টাগ্ৰামত পোষ্ট কৰা এই ভিডিঅ’টোৰ পৰা গম পোৱা যায় যে দীপিকা–ৰণৱীৰ মন্দিৰ দৰ্শনৰ বাবে যোৱাৰ সময়ত এগৰাকী অনুৰাগীয়ে উৎকণ্ঠা ধৰি ৰাখিব নোৱাৰি প্ৰথমে দীপিকাক আই লাভ ইউ বুলি কয়। দীপিকাই মিচিকিয়া হাঁহিৰে অনুৰাগীগৰাকীক সঁহাৰি জনায়।
তাৰ পিছত অনুৰাগীগৰাকীয়ে ৰণৱীৰক কয় – আই লাভ ইউ। তাৰ পিছত দীপিকাই অনুৰাগীগৰাকীলৈ চাই ধেমালিতে কয় – কিন্তু আপুনি মোক বেছি ভাল পায়। তাৰ পিছত ৰণৱীৰ–দীপিকা দুয়ো হাঁহিবলৈ ধৰে।
উল্লেখযোগ্য যে দীপিকা পাডুকণ আৰু ৰণৱীৰ সিঙক এতিয়া কবিৰ খানৰ নিৰ্দেশনাত নিৰ্মিত ছবি 83ত পৰ্দাত একেলগে দেখা যাব। এই ছবিখন ১৯৮৩ চনত ক্ৰিকেটত ভাৰতৰ প্ৰথম বিশ্বকাপ জয়ৰ প্ৰেৰণাদায়ক কাহিনীৰ ওপৰত আধাৰিত। ছবিখনৰ ৰণৱীৰে কপিল দেৱৰ ভূমিকাত অভিনয় কৰিব। আনহাতে, দীপিকাই কপিল দেৱৰ পত্নী ৰোমী দেৱৰ চৰিত্ৰ ৰূপায়ণ কৰিব।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|