শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ! কাৰ সৈতে বিয়া শ্ৰদ্ধাৰ?

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে কোনো মন্তব্য কৰা নাই।

News18-Assam
Updated:July 11, 2019, 7:29 PM IST
শীঘ্ৰে বিবাহপাশত আবদ্ধ হ’ব মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ! কাৰ সৈতে বিয়া শ্ৰদ্ধাৰ?
অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে কোনো মন্তব্য কৰা নাই।
News18-Assam
Updated: July 11, 2019, 7:29 PM IST
২০১৮ বৰ্ষটোত বলীউদ জগতৰ কেইবাগৰাকীও তাৰকাৰ বিয়া আপুনি দেখিছে। প্ৰিয়ংকা চোপ্ৰা, ছোনম কাপুৰ, নেহা ধুপিয়াৰ দৰে তাৰকা আবদ্ধ হৈছে বিবাহপাশত। এতিয়া আগন্তুক বৰ্ষ অৰ্থাৎ ২০২০ চনতো দেখা যাব পাৰে বলীউদৰ কেইবাখনো হাই প্ৰফাইল বিয়া। ইয়াৰ ভিতৰত চৰ্চাত আছে শ্ৰদ্ধা কাপুৰৰ বিয়া।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, শ্ৰদ্ধা কাপুৰে নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকৰ সৈতে ২০২০ চনত আবদ্ধ হ’ব পাৰে বিবাহপাশত। শ্ৰদ্ধা আৰু ৰোহন শ্ৰেষ্ঠাৰ সম্পৰ্কৰ বিষয়ে পূৰ্বেও বহু উৰাবাতৰি ওলাইছিল। কিন্তু শ্ৰদ্ধাই নিজৰ সম্পৰ্কক লৈ কেতিয়াও মুকলিকৈ একো প্ৰকাশ কৰা নাই। দুয়োকে কেইবাবাৰো একেলগে সময় কটোৱাও দেখা গৈছিল।



শ্ৰদ্ধাৰ প্ৰেমিক ৰোহন শ্ৰেষ্ঠা প্ৰখ্যাত ফটোগ্ৰাফাৰ ৰাকেশ শ্ৰেষ্ঠাৰ পুত্ৰ। লগতে ৰোহন নেপালৰ এগৰাকী পৰিচিত ফুটবলাৰ। ছচিয়েল মিডিয়াত শ্ৰদ্ধা আৰু ৰোহনৰ কেইবাখনো ফটো পূৰ্বে প্ৰকাশ পাইছে। এতিয়া দুয়োৰে পৰিয়ালত বিয়াৰ কথা চলিছে বুলিও খবৰ প্ৰকাশ পাইছে।

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে অভিনেত্ৰীগৰাকীয়ে কোনো মন্তব্য কৰা নাই। এক অনুষ্ঠানত বিয়াৰ বিষয়ে সোধাত শ্ৰদ্ধাই ৪–৫ বছৰলৈ বিয়া হোৱাৰ কথা অস্বীকাৰ কৰিছিল। বৰ্তমান ছাহ’ ছবিখনৰ শ্বুটিঙত ব্যস্ত আছে শ্ৰদ্ধা কাপুৰ। এই ছবিখনত প্ৰভাসৰ সৈতে দেখা যাব শ্ৰদ্ধাক।
আৰু চাওক পৰৱৰ্তী বাতৰি