'...আমি ভুল কৰিছিলোঁ, কিন্তু আমি সেইবোৰৰ পৰা শিকিছোঁ। মইও ভুল কৰিম। মইও নিজকে ক্ষমা কৰি দিম, আৰু মই সেইবোৰৰ পৰা শিক্ষা ল'ম।’
বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টী (Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা (Raj Kundra) পৰ্ণ'গ্ৰাফীৰ গোচৰত ১ মাহৰো অধিক সময় কাৰাগাৰত আছে। ১৯ জুলাইত পৰ্ণ'গ্ৰাফীৰ গোচৰ সন্দৰ্ভত মুম্বাই অপৰাধ শাখাই ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ (Raj Kundra Arrest) কৰিছিল। শিল্পা ছেট্টীয়ে গোচৰটোৰ পিছৰে পৰা কেৱল নিজৰ কাম পৰাই আঁতৰি থকা নাছিল, সামাজিক মাধ্যম আৰু অনুৰাগীসকলৰ পৰাও নিজক আঁতৰাই ৰাখিছিল।কিন্তু অভিনেত্ৰীগৰাকীয়ে অলপতে তেওঁৰ অনুষ্ঠান 'ছুপাৰ ডান্সাৰ 4 (Super Dancer 4)'লৈ পুনৰ প্ৰত্যাৱৰ্তন কৰিছিল আৰু এতিয়া সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলৰ সৈতেও সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছে।শিল্পা ছেট্টীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছিল যিটো চৰ্চাত আছে।
শিল্পা ছেট্টীয়ে বৃহস্পতিবাৰে শ্বেয়াৰ কৰা এটা সামাজিক মাধ্যমৰ টোকাত নিজৰ 'ভুল' স্বীকাৰ কৰিছে। স্বামী ৰাজ কুন্দ্ৰাক লৈ চলি থকা বিতৰ্কৰ মাজত শিল্পাই এখন কিতাপৰ পৰা কেইটামান শাৰীৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছে। অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা কিতাপখনৰ পৃষ্ঠাত এইদৰে লিখা হৈছে: 'ভুলবোৰ হৈছে আমি গোটেই জীৱন ৰখা বকেয়া পৰিমাণৰ অংশ যিখিনি আমি আজীৱন পৰিশোধ কৰি থাকিবলগীয়া হয়।'
শিল্পা ছেট্টীৰ কিতাপখনৰ পৃষ্ঠাত আৰু লিখা আছে, 'আমি কোনো ভুল নকৰাকৈ জীৱনক ৰোমাঞ্চকৰ কৰি তুলিব নোৱাৰোঁ। আমি আশা কৰিব পাৰোঁ যে আমাৰ ভুলবোৰে যাতে আন লোকক আঘাত নকৰে, কিন্তু ভুলতো হয়েই । আমি ভুলবোৰক পাহৰিব বিচাৰোঁ, বা যিবোৰ আটাইতকৈ আকৰ্ষণীয় আৰু প্ৰত্যাহ্বানমূলক অভিজ্ঞতাৰে পৰিপূৰ্ণ। ইয়াৰ বাবে আমি ভুল কৰিছিলোঁ, কিন্তু আমি সেইবোৰৰ পৰা শিকিছোঁ। মইও ভুল কৰিম। মইও নিজকে ক্ষমা কৰি দিম, আৰু মই সেইবোৰৰ পৰা শিক্ষা ল'ম।’
শিল্পা ছেট্টীৰ পোষ্টটো এতিয়া ভাইৰেল হৈছে। শিল্পা ছেট্টীয়ে আগেয়েও ৰাজ কুন্দ্ৰাৰ গোচৰৰ সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছিল। য'ত তেওঁ বিষয়টোত কোনো মন্তব্য কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছিল আৰু সংবাদ মাধ্যমতো তেওঁৰ হৈ কোনো বিবৃতি জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|