'Love Triangle' ছবিৰে বলীউডত খোজ পেলাব সঞ্জয় কাপুৰৰ জীয়াৰী ছানায়া কাপুৰে, কৰণ জোহৰে দিলে সুযোগ

News18 Assam | News18-Assam
Updated:June 7, 2021, 3:24 PM IST
'Love Triangle' ছবিৰে বলীউডত খোজ পেলাব সঞ্জয় কাপুৰৰ জীয়াৰী ছানায়া কাপুৰে, কৰণ জোহৰে দিলে সুযোগ
ছবিখনত ছানায়াৰ লগতে থাকিব লক্ষ্য লালৱানী আৰু গুৰফাতেহ পীৰজাদাৰ দৰে অভিনেতা।

ছবিখনত ছানায়াৰ লগতে থাকিব লক্ষ্য লালৱানী আৰু গুৰফাতেহ পীৰজাদাৰ দৰে অভিনেতা।

  • Share this:

ৰূপালী পৰ্দাত ভুমুকি মাৰিবলৈ সাাজু হৈছে বলীউডৰ বলিষ্ঠ অভিনেতা সঞ্জয় কাপুৰৰ জীয়ৰী ছানায়া কাপুৰ । ছবিজগতত ছানায়াৰ অত্মপ্ৰকাশক লৈ দীৰ্ঘদিন ধৰি চলি থকা চৰ্চাৰ পিছতে শেহতীয়াকৈ জানিব পৰা গৈছে এই কথা । কৰণ জোহৰৰ প্ৰডাকচন হাউছ ধৰ্মা প্ৰডাকচনৰ বেনাৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিব সঞ্জয় কাপুৰ আৰু মহিপ কাপুৰৰ জীয়ৰী ছানায়াই । কিছু সময় পূৰ্বে নিজৰ ইনষ্টাগ্ৰাম একাউণ্ট ৰাজহুৱা কৰিছিল ছানায়াই আৰু তেতিয়াৰ পৰাই তেওঁৰ প্ৰথম ছবি আৰু প্ৰথম বেনাৰৰ বিষয়ে চৰ্চা আৰম্ভ হৈছিল।


কেৱল এয়াই নহয়, "ষ্টুডেণ্ট অফ দ্য ইয়েৰ ৩"ৰ জৰিয়তে ছানায়াই অভিনয় জীৱন আৰম্ভ কৰিব বুলিও চৰ্চা আৰম্ভ হৈছিল। কিন্তু কৰণ জোহৰৰ প্ৰডাকচন হাউছ ধৰ্মা প্ৰডাকচনৰ বেনাৰৰ জৰিয়তে বলীউডত ছানায়াৰ আত্মপ্ৰকাশ কৰাৰ বিষয়টোৱে তেওঁক লৈ আৰম্ভ হোৱা সকলো চৰ্চাৰ অৱসান ঘটাইছে ।


ৰোমাণ্টিক কমেডী ছবি "Love Triangle" ছবিৰে বলীউডত খোজ পেলাব ছানায়া কাপুৰে। এই ছবিখন নিৰ্মাণত কৰণ জোহৰক সহযোগ কৰিব শশাংক খৈতানেও। ছবিখনত ছানায়াৰ লগতে থাকিব লক্ষ্য লালৱানী আৰু গুৰফাতেহ পীৰজাদাৰ দৰে অভিনেতা। তিনিওগৰাকী তাৰকা অভিনেতাই ছবিখনৰ বাবে ইতিমধ্যে কঠোৰ প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে । ইয়াৰ লগতে অভিনয় কৰ্মশালাতো অংশগ্ৰহণ কৰি আছে। প্ৰথম পৰ্যায়ত জুলাইৰ আৰম্ভণিতে ছবিখন ফ্লৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল, যাৰ বাবে গুৰুত্বসহকাৰে প্ৰস্তুতি চলাই আছে সকলোৱে।



উল্লেখ্য় যে কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ বাবে সমগ্ৰ দেশতে শ্বুটিঙৰ ওপৰত নিষেধাজ্ঞা ৰখাৰ বাবে ছবিখনৰ প্ৰজেক্ট আৰম্ভ কৰা দেৰি হয় । ইপিনে ছবিখনৰ বাবে পুনৰ পৰিকল্পনা কৰিবলৈ লকডাউন সমাপ্ত হোৱালৈ অপেক্ষা কৰি আছে নিৰ্মাতাসকলে । লকডাউন শিথিল হোৱাৰ পিছতেই দলটোৱে অৱস্থান ঠিক কৰিবলৈ বিদেশলৈ যাব। যদি সকলো পৰিকল্পনা অনুসৰি হয়, তেন্তে ২০২১ ৰ শেষফালে ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰা হ'ব পাৰে।

Published by: Gautam Barman
First published: June 7, 2021, 3:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি