Kabir Singh Box Office Collection: ৫ দিনত ১০০ কোটি, শ্বাহিদৰ কবীৰ সিঙৰ বৃহৎ ৰেকৰ্ড

News18-Assam
Updated:June 26, 2019, 1:24 PM IST
Kabir Singh Box Office Collection: ৫ দিনত ১০০ কোটি, শ্বাহিদৰ কবীৰ সিঙৰ বৃহৎ ৰেকৰ্ড
Kabir Singh Box Office Collection Day 5: অৱশেষত শ্বাহিদ কাপুৰে ১০০ কোটি ক্লাৱৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। কবীৰ সিঙে কি কি ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ল।

Kabir Singh Box Office Collection Day 5: অৱশেষত শ্বাহিদ কাপুৰে ১০০ কোটি ক্লাৱৰ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। কবীৰ সিঙে কি কি ৰেকৰ্ড কৰিবলৈ সক্ষম হ’ল।

  • Share this:
বক্স অফিচত শ্বাহিদ কাপুৰৰ ছবিৰ জয়ধ্বজা। শ্বাহিদ কাপুৰৰ ছবি কবীৰ সিঙে উপাৰ্জন কৰিলে ১০০ কোটি টকা। ‘কবীৰ সিং’ শ্বাহিদৰ কেৰিয়াৰৰ প্ৰথমখন শ্ৰেষ্ঠ Solo hit । এফালে বলীউডৰ কেইবাগৰাকীও নতুন নতুন অভিনেতাৰ নাম ‘১০০ কোটি’ ক্লাবত অন্তৰ্ভুক্ত হৈছে, আনফালে ১৬ বছৰ বাট চাবলগীয়া হ’ল শ্বাহিদ কাপুৰে এই সফলতা অৰ্জন কৰিবলৈ।

মঙলবাৰৰ দিনটোত কৰিলে ৰেকৰ্ড
সপ্তাহটোৰ শেষৰফালে কবীৰ সিঙে ৭০ কোটি টকা উপাৰ্জন কৰাৰ পিছত পঞ্চমটো দিনত অৰ্থাৎ মঙলবাৰৰ দিনটোত ১৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। বৰ্তমানলৈ ১০০ কোটি টকা অতিক্ৰম কৰিছে ‘কবীৰ সিঙে’।

ট্ৰল হোৱা সত্ত্বেও উপাৰ্জন অব্যাহত কবীৰ সিঙৰ
শ্বাহিদ কাপুৰৰ ছবি কবীৰ সিং ৰিলিজ হোৱাৰ পিছতে ছচিয়েল মিডিয়াত যথেষ্ট ট্ৰল হৈছিল। কিন্তু বিবাদ–সমালোচনা নেওচি ‘কবীৰ সিঙে’ ভংগ কৰিলে ৰেকৰ্ড। কেবল Weekendয়ে নহয় Weekdaysটো কবীৰ সিঙৰ প্ৰদৰ্শনী হাউছফুল হৈ আছিল।



ছবিখনে প্ৰথমটো দিনতে ২০ কোটি ২১ লাখ টকা উপাৰ্জন কৰি বলীউডত স্থিতি সবল কৰিছিল। শনিবাৰৰ দিনটোত ২২ কোটি ৭১ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল কবীৰ সিঙে। দেওবাৰৰ দিনটোত ভৰি দিয়াৰ লগে লগে ছবিখন আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিল আৰু দেওবাৰৰ দিনটোত কবীৰ সিঙৰ উপাৰ্জন হ’ল ২৭ কোটি ৯১ লাখ টকা। ছবিখনে মাত্ৰ ৩ দিনতে মেকিং আৰু প্ৰচাৰৰ খৰচ উলিয়াই লয়। ছবিখনৰ প্ৰচাৰ, মেকিং বা অন্যত খৰচ হৈছিল ১৫ কোটি টকা।

সোমবাৰেও ভংগ কৰিলে ৰেকৰ্ড
পৰিচালক সন্দীপ ৱাংগা ৰেড্ডিৰ ছবি ‘কবীৰ সিং’ দক্ষিণ ভাৰতীয়ৰ ছবি ‘অৰ্জুন ৰেড্ডী’ৰ ৰিমেক। সোমবাৰৰ দিনটোত ছবিখনে ১৭ কোটি ৮ লাখ টকা উপাৰ্জন কৰে। এই উপাৰ্জন ছলমান খানৰ ছবি ‘ভাৰত’ৰ প্ৰথমটো সোমবাৰে কৰা উপাৰ্জনৰ তুলনাত দুগুণ বেছি।

 

 
First published: June 26, 2019, 1:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি