মুখ্যপৃষ্ঠা » খবৰ

» জীৱন শৈলী

»Happy Birthday Shahrukh Khan: খঙৰ কাৰণে জেললৈ যাবলগীয়া হৈছিল শ্বাহৰুখ খান, নিজে ক’লে সেই ঘটনা

Happy Birthday Shahrukh Khan: খঙৰ কাৰণে জেললৈ যাবলগীয়া হৈছিল শ্বাহৰুখ খান, নিজে ক’লে সেই ঘটনা

News18 Assam | News18-Assam
Updated:November 2, 2020, 10:55 AM IST
Happy Birthday Shahrukh Khan: খঙৰ কাৰণে জেললৈ যাবলগীয়া হৈছিল শ্বাহৰুখ খান, নিজে ক’লে সেই ঘটনা
নেটফ্লিক্সত (Netflix) প্ৰচাৰ হোৱা আমেৰিকান হোষ্ট ডেভিদ লেটাৰমেনৰ (David Letterman) চেট শ্ব’ত শ্বাহৰুখ খানে এই সমগ্ৰ ঘটনা বিৱৰি কৈছিল। তেওঁ কৈছিল যে খঙৰ কাৰণে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল।

নেটফ্লিক্সত (Netflix) প্ৰচাৰ হোৱা আমেৰিকান হোষ্ট ডেভিদ লেটাৰমেনৰ (David Letterman) চেট শ্ব’ত শ্বাহৰুখ খানে এই সমগ্ৰ ঘটনা বিৱৰি কৈছিল। তেওঁ কৈছিল যে খঙৰ কাৰণে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই পেলাইছিল।

  • Share this:
মুম্বাইঃ বলিউডৰ কিং অৰ্থাৎ শ্বাহৰুখ খানৰ আজি ৫৫সংখ্যক জন্মদিন। শ্বাহৰুখ খানে (Shah Rukh Khan Birthday) বলিউডত ২৮বছৰৰো অধিক সময় কটালে। তেওঁ 'দীৱানা’ ছবিৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। য’ত তেওঁৰ সৈতে ঋষি কাপুৰ (Rishi Kapoor) আৰু দিব্যা ভাৰতী (Divya Bharti) আছিল। নিজৰ সুন্দৰ অভিনয়ৰ লগতে মিডিয়াত তেওঁৰ মাৰ্জিত আচৰণো যথেষ্ট সমাদৃত। কিন্তু বহু আগতে এইজন শ্বাহৰুখেই এজন সম্পাদকৰ ওপৰত নিজৰ প্ৰচণ্ড খং জাহিৰ কৰি জেললৈ যাবলগীয়া হৈছিল।

এই গোটেই ঘটনাটো শ্বাহৰুখে নিজেই বিৱৰি কৈছে নেটফ্লিক্সছত (Netflix) প্ৰচাৰিত হোৱা আমেৰিকান হোষ্ট ডেভিদ লেটাৰমেনৰ (David Letterman) চেট শ্ব’ত। শ্বাহৰুখে কয় কেৰিয়াৰৰ আৰম্ভনিতে এখন মেগাজিনে এটা প্ৰৱন্ধ উলিয়াইছিল যিটোত এনে কিছু কথা লিখা হৈছিল যিবোৰ সহ্যৰ সীমাৰ বাহিৰত আছিল। এই সন্দৰ্ভত সম্পাদকক প্ৰশ্ন কৰিবলৈ শ্বাহৰুখ যাওঁতে তেওঁক ধেমালিৰ দৰে কথাবোৰ ল’বলৈ কোৱা হৈছিল। ইয়াতে শ্বাহৰুখৰ প্ৰচণ্ড খং উঠে আৰু তেওঁ মেগাজিনৰ সম্পাদকৰ সৈতে অসভ্যালি কৰি তাৰ পৰা গুচি যায়।

ইয়াৰ পিছতে শ্বাহৰুখে কয়, 'তাৰ পিছত মই এদিন শ্বুটিং কৰি আছো আৰু কেইজনমান পুলিচ অফিচাৰ আহি মৰমেৰে কয় যে, আপোনাক কিবাকিবি সুধিবলগীয়া আছে। ইয়াৰ পিছতে মই জেললৈ যাওঁ।’ শ্বাহৰুখে সেই অভিজ্ঞতা সুঁৱৰি কয়, 'সেই ঠাইটুকুৰা বৰ লেতেৰা আৰু সৰু আছিল। তাত যথেষ্ট বেয়া মানুহ আছিল।' ইয়াৰ ওপৰিউ শ্বাহৰুখে কয় আৰম্ভনিতে ডাঙৰ পৰ্দাত নিজকে দেখা পাই যথেষ্ট কুৎচিত যেন অনুভৱ কৰিছিল নিজকে। শ্বাহৰুখে কয় মানুহে তেওঁক যিমান মৰম দিছে তাত তেওঁ যথেষ্ট সুখী।
First published: November 2, 2020, 10:55 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি