ছেলফি ল’বলৈ গৈ অনুৰাগীয়ে কৰিলে এয়া, আঁতৰি আহিল ছাৰা আলী খান, চাওক VIDEO

News18 Assam | News18-Assam
Updated:November 28, 2019, 1:34 PM IST
ছেলফি ল’বলৈ গৈ অনুৰাগীয়ে কৰিলে এয়া, আঁতৰি আহিল ছাৰা আলী খান, চাওক VIDEO
বিমানবন্দৰত বহু অনুৰাগীয়ে ছাৰাৰ সৈতে ছেলফি লয়। ছাৰায়ো হাঁহি হাঁহি প’জ দিলে ফটোৰ বাবে। কিন্তু হঠাৎ এজন অনুৰাগীৰ কৰ্মকাণ্ডত উচপ খাই উঠিল ছাৰা।

বিমানবন্দৰত বহু অনুৰাগীয়ে ছাৰাৰ সৈতে ছেলফি লয়। ছাৰায়ো হাঁহি হাঁহি প’জ দিলে ফটোৰ বাবে। কিন্তু হঠাৎ এজন অনুৰাগীৰ কৰ্মকাণ্ডত উচপ খাই উঠিল ছাৰা।

  • Share this:
বলীউদৰ অভিনেত্ৰী ছাৰা আলী খান নিজৰ আকৰ্ষণীয় ব্যৱহাৰৰ বাবে সংবাদ মাধ্যম আৰু অনুৰাগীৰ মাজত অতি প্ৰিয়। সাক্ষাৎকাৰৰ সময়তে হওক বা অনুৰাগীক সাক্ষাতৰ সময়তে হওক, সকলো সময়তে হাঁহিমুখে দেখা যায় ছাৰাক। কিন্তু শেহতীয়াকৈ এজন অনুৰাগীৰ কৰ্মকাণ্ডত অপ্ৰস্তুত হৈ পৰে ছাৰা আলী খান।

আচলতে, ছাৰা আলী খানে শেহতীয়াকৈ নিউয়ৰ্ক ভ্ৰমণৰ পৰা উভতি মুম্বাই বিমানবন্দৰত উপস্থিত হৈছিল। বিমানবন্দৰত বহু অনুৰাগীয়ে ছাৰাৰ সৈতে ছেলফি লয়। ছাৰায়ো হাঁহি হাঁহি প’জ দিলে ফটোৰ বাবে। কিন্তু হঠাৎ এজন অনুৰাগীৰ কৰ্মকাণ্ডত উচপ খাই উঠিল ছাৰা। অনুৰাগীজনৰ কাষৰ পৰা আঁতৰি আহে অভিনেত্ৰীগৰাকী।

লগতে চাওক–  এগৰাকী ছুইছ চেফৰ সৈতে পৰ্ণ ষ্টাৰ মিঞা খালিফাৰ বিয়া, ভাইৰেল দুয়োৰে অন্তৰংগ মুহূৰ্তৰ Photo!

অনুৰাগীজনৰ হাত দেহত লগাত অপ্ৰস্তুত হৈ পৰে ছাৰা। পিছত অনুৰাগীজনে ছ’ৰী বুলি কোৱাত পুনৰ ফটোৰ বাবে প’জ দিয়ে অভিনেত্ৰীগৰাকীয়ে। Viral Bhayani-এ নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো।



 





View this post on Instagram




 

#saraalikhan is back from New York #airportdiaries #viralbhayani @viralbhayani


A post shared by Viral Bhayani (@viralbhayani) on




আৰু চাওক
পৰৱৰ্তী বাতৰি