বলীউদৰ প্ৰখ্যাত ছবি নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জীৱনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব। এই ছবিখনৰ প্ৰথম পোষ্টাৰ মোদীৰ জন্মদিন (১৭ ছেপ্টেম্বৰ) অৰ্থাৎ আজি মুকলি কৰা হ’ব। ছবিখনৰ পোষ্টাৰ মুকলি কৰিব ‘বাহুবলী’ প্ৰভাসে। ‘মন বৈৰাগী’ নামেৰে
আহিবলগীয়া ছবিখন প্ৰধানমন্ত্ৰী মোদীৰ জীৱনৰ অকথিত কাহিনীৰ ওপৰত আধাৰিত হ’ব।
সঞ্জয় লীলা ভাঞ্চালী আৰু মহাবীৰ জৈনে মিলি প্ৰযোজনা কৰিব ছবিখন। কাহিনী লিখিছে সঞ্জয় ত্ৰিপাঠীয়ে। ছবিখন পৰিচালনাও কৰিব সঞ্জয় লীলা ভাঞ্চালীয়ে। সম্পূৰ্ণ সততা আৰু গুৰুত্ব সহকাৰে নিৰ্মাণ কৰা হ’ব এই ছবিখন।
ছবিখনৰ বিষয়ে সঞ্জয় লীলা ভাঞ্চালীয়ে কয়, এই কাহিনীৰ সার্বজনীন আবেদন আৰু বাৰ্তাই মোক আকৰ্ষিত কৰিছে। কাহিনী সম্পূৰ্ণৰূপে অধ্যয়নৰ পিছত প্ৰস্তুত কৰা হৈছে। এজন যুৱক হিচাপে প্ৰধানমন্ত্ৰী মোদীৰ জীৱনৰ টাৰ্নিং পইণ্টে মোক বহু অনুপ্ৰেৰিত কৰিছে। মই অনুভৱ কৰিছো যে এই কাহিনী এতিয়ালৈ কোৱা হোৱা নাই আৰু এয়া সকলোকে কোৱাৰ প্ৰয়োজন আছে।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|