সংকটত ছলমান খানৰ ‘ভাৰত’!

সলনি কৰিব লগীয়া হ’ব পাৰে ছলমান খান অভিনীত ‘ভাৰত’ ছবিখনৰ নাম!

news18assam
Updated:May 31, 2019, 5:05 PM IST
সংকটত ছলমান খানৰ ‘ভাৰত’!
সলনি কৰিব লগীয়া হ’ব পাৰে ছলমান খান অভিনীত ‘ভাৰত’ ছবিখনৰ নাম!
news18assam
Updated: May 31, 2019, 5:05 PM IST

ছলমান খানৰ অনুৰাগী সকলৰ বাবে দুঃখবৰ, মুক্তিৰ দিন পিছুৱাব পাৰে ছলমান খান অভিনীত ছবি ‘ভাৰত’ৰ!



ঈদৰ দিনা মুক্তি লাভ কৰিব ছলমান খান আৰু কেটৰীণা কেঈফ অভিনীত বলিউডৰ বহু চৰ্চিত ছবি ভাৰত। কিন্তু মুক্তিৰ প্ৰাকক্ষণত এতিয়া বিপদত পৰিছে ছবিখন। ছবিখনৰ নামটোক কেন্দ্ৰ কৰি শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্ক।



শুক্ৰবাৰে ছবিখনৰ নামটো সলনি কৰিবলৈ দিল্লী উচ্চ ন্যায়লয়ত দাখিল কৰা হয় এখন পিআইএল। অৱেদনকাৰীৰ মন্তব্য অনুসৰি ছবিখনৰ নাম ‘ভাৰত’ সলনি কৰিব লাগে। কাৰণ ছবিখনৰ নামটোৱে কোনো লোকৰ আদৰ্শক আঘাত হনাৰ সম্ভাৱনা আছে। সেইদৰে ছবিখনৰ ভাৰত নামটোৱে ভাৰতীয় সংবিধানক অৱমাননা কৰাৰ লগতে ৩ নং ধাৰা উলংঘন কৰিছে কাৰণ আইন অনুসৰি ভাৰত নামটো কোনেও বানিজ্যিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব।



ছবিৰ নাম সলনিৰ বিষয়টোক লৈ এতিয়া লৈকে কোনো ধৰণৰ মন্তব্য কৰা নাই অভিনেতা ছলমান খানে।আলী আব্বাছ খানে পৰিচালনা কৰা ছবিখনক লৈ এতিয়া আশাবাদী ছলমান খান।


আৰু চাওক পৰৱৰ্তী বাতৰি